সৰ্বশ্রেষ্ঠ অসম আমি নিৰ্মাণ কৰিম, আমি সৰ্বশ্রেষ্ঠ ভাৰত গঢ়িম- ড০ হিমন্ত বিশ্ব শৰ্মা…

সৰ্বশ্রেষ্ঠ অসম আমি নিৰ্মাণ কৰিম, আমি সৰ্বশ্রেষ্ঠ ভাৰত গঢ়িম- ড০ হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাত অনুষ্ঠিত কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি মিত্ৰজোঁট দলৰ নেতাৰ লগতে আটাই কেইজন মন্ত্ৰী, বিজেপিৰ সাংসদ তথা বিধায়কসকল উপস্থিত থাকে।

এই বৰ্ষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰি কয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত অসমত উন্নয়ন হৈছে। নৰেন্দ্র মোডীৰ নেতৃত্বত অসমলৈ শান্তিৰ বাতাবৰণ আহিছে। ইয়াৰ বাবে অমিত শ্বাহে মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু অসম বিজেপিক ধন্যবাদো জনাই।

ইয়াৰ উপৰিও তেওঁ কয়, ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গো মাতাই সুৰক্ষা পাব বুলি আশা কৰিছো। কোভিড ব্যৱস্থাপনাক লৈ অসম চৰকাৰক প্রশংসা কৰে অমিত শ্বাহে। কোভিড আক্রান্তসকলৰ প্রতি অসম চৰকাৰৰ সেৱাক তেওঁ প্রশংসা কৰে।

আনহাতে ৰাজ্যৰ সন্ত্ৰাসবাদী সমস্যা, অনুপ্ৰৱেশ আদিৰ কথা উল্লেখ কৰি তেওঁ কয়, ৯ হাজাৰতকৈ অধিক উগ্রপন্থী মূল সূঁতিলৈ ঘূৰি আহিছে। বৰ্তমান চৰকাৰৰ দিনত বাংলাদেশৰ পৰা অনুপ্রৱেশ ৰোধ হৈছে। ড০ শৰ্মাৰ নেতৃত্ব সমগ্র উত্তৰ-পূবলৈ শান্তি আহিছে। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি কয়, অসমৰ প্রতি জিলাত এখনকৈ মেডিকেল কলেজ স্থাপনৰ কাম আৰম্ভ হৈছে। অসম দেশৰ ভিৰতৰতে HEALTH HUB ত পৰিণত হ'ব।

ইয়াৰ উপৰিও অসমত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচন, জি এম চিৰ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰাৰ বাবেও অসমৰ ৰাইজক অমিত শ্বাহে ধন্যবাদ জনাইছে। আনহাতে অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জ্যোতি প্ৰসাদৰ কবিতা উদ্ধৃতিৰে ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে।

বিগত এটা বছৰত ৰাজ্যত চলা ড্ৰাগছ বিৰোধী অভিযানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ৫,৫৫০ কোটি টকাতকৈ অধিক টকাৰ ড্রাগছ ধ্বংস কৰা হৈছে। নিৰ্বাচনৰ প্ৰচাৰ সভাত ১ লাখ টকা নিযুক্তিৰ সংকল্প লৈছিলো।
সেই দিশেৰে আমি আগবাঢ়িছো।

তেওঁ কয়, অৰুণোদয় আঁচনি ১,২৫০ টকালৈ বৃদ্ধি কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ৮ লাখ লোক উপকৃত হৈছে। অহা নৱেম্বৰৰ মাহত AIIMS আৰম্ভ কৰা হ'ব। ডিজিটেল সেৱাৰ জৰিয়তে চৰকাৰ আৰু জনতাৰ দূৰত্ব কমোৱা হৈছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কামৰ মাজেৰে অসম বৈভৱশালী ৰাজ্য হিচাবে প্ৰতিষ্ঠা হব বুলি উল্লেখ কৰি তেওঁ কয়, অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ প্রতিশ্রুতি লোৱা হৈছে। শক্তিশালী ভাৰত গঢ়াৰ বাবে প্রধানমন্ত্রী, গৃহমন্ত্রীয়ে কাম কৰি আছে। সৰ্বশ্রেষ্ঠ অসম আমি নিৰ্মাণ কৰিম, আমি সৰ্বশ্রেষ্ঠ ভাৰত গঢ়িম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in