কোকৰাঝাৰৰ দুই ভগ্নীৰ আত্মহত্যাৰ ঘটনাঃ আটক পাঁচ জন…

কোকৰাঝাৰৰ দুই ভগ্নীৰ আত্মহত্যাৰ ঘটনাঃ আটক পাঁচ জন…

কোকৰাঝাৰৰ দুই ভগ্নীৰ আত্মহত্যাৰ ঘটনাঃ আটক পাঁচ জন…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা অৱস্থাত দুইভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনা সন্দৰ্ভত দেওবাৰে কোকৰাঝাৰ আৰক্ষীয়ে পাঁচগৰাকী যুৱকক আটক কৰিছে । আটকাধীন যুৱক কেইজন জিলাখনৰ শালবাৰীৰ জাহানুৰ ইছলাম (২৩) , মোজাম্মেল শ্বেখ (২০), হৰিৰদোলৰ আতাফ আলি (২৬) , সুতীপাৰাৰ শংকৰদেৱ বৰ্মন(২৭) আৰু ধুবুৰী জিলাৰ চাপৰ নিউ হাতিপোতাৰ হানিফ শ্বেখ(২০)বুলি জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে সদৰি কৰিছে ।

দেওবাৰে কোকৰাঝাৰ সদৰ থানাত জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে সদৰি কৰা মতে গোচৰটোৰ তদন্ত দ্ৰুতগতিত আগবাঢ়ি আছে। ইতিমধ্যে কেইবাগৰাকী লোকক ঘটনা সন্দৰ্ভত সোধপোছ কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি মৃত যুৱতী দুগৰাকীৰ মৰণোত্তোৰ পৰীক্ষাৰ প্ৰতিবেদন অদ্যপি অহা নাই আৰু গোটেই ঘটনাটো বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হ'ব ।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত কৰি আছে বুলি উল্লেখ কৰি কই, উক্ত ঘটনাটো আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব। ভৱিষ্যতে যাতে গ্ৰামাঞ্চলৰ লোকসকলে নিৰাপত্তাহীনতাত ভূগিব লগা নহয় আৰু এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় তাৰ বাবে কাৰ্যব্যৱস্থা লোৱা হ'ব বুলিও সদৰি কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in