দুই ভগ্নীৰ আত্মহত্যাৰ ঘটনাস্থলীত মুখ্যমন্ত্ৰীঃ দুখীয়া-নিচলাৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰা নহ’ব…

দুই ভগ্নীৰ আত্মহত্যাৰ ঘটনাস্থলীত মুখ্যমন্ত্ৰীঃ দুখীয়া-নিচলাৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰা নহ’ব…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অভয়াকুটিত ৰাভা সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ভগ্নী ৰবিতা ৰাভা আৰু সোমাইনা ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰহস্যজনকভাৱে এডাল গছতে দুই সম্পৰ্কীয় ভগ্নীয়ে চিপলৈ আত্মহত্যা কৰাৰ কৰুণ ঘটনাৰ পিছত দেওবাৰে মৃতকৰ ঘৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত তেওঁক সংগ দিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কোকৰাঝাৰ পুৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ আইজিপি তথা বিশেষ সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণই , জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে।

এই ভ্ৰমণ কালতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ভগীয়া পৰিয়াল দুটাৰ সদস্যৰ লগত মতবিনিময় কৰি ঘটনাৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিয়ে ।ইয়াৰ পাছত সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ঘটনাটো যদিহে আত্মহত্যা তেনেহ'লে কিহৰ বাবে আত্মহত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ উলিয়াবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । আনহাতে যদিহে এয়া হত্যাকাণ্ড তেনেহলে হত্যাকাৰীয়ে কঠোৰ শাস্তি পাব লাগিব।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই নামনি অসমৰ বিশেষকৈ ধুবুৰী , গোৱালপাৰা আদি ঠাইত একাংশ জনসাধাৰণ নিৰাপত্তাহীনতাত বাস কৰি আহিছে বুলি উল্লেখ কৰি কয়, এইখন চৰকাৰে নামনি অসমৰ কোনো লোকৰ ওপৰতে বিশেষকৈ দুখীয়া-নিচলা,নিষ্পেষিতৰ ওপৰত কোনোধৰণৰ অত্যাচাৰ সহ্য নকৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সাংবাদিকৰ আগত কয় যে, দুগৰাকীকৈ জনজাতিয় যুৱতীৰ মৃত্যু তেওঁ সহজভাৱে লব পৰা নাই। সেয়েহে চৰজমিন তদন্তৰ বাবে নিজে আহি ঘটনাস্থলীত উপস্থিত হৈছে।ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰি -পাঁচজন সন্দেহজনক ব্যাক্তিক আৰক্ষীয়ে আটক কৰিছে আৰু ইয়াৰে দুজনে নিজৰ মোবাইলৰ পৰা সকলো তথ্য মচি পেলাইছে বুলি জানিবলৈ দিছে।আৰক্ষীয়ে আটক কৰা পাঁচজন ব্যক্তিৰ মাজৰ দুজনে ঘণ্টা ঘণ্টা ধৰি মোবাইলত কথা পতাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলিও জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে মৃত যুৱতী দুগৰাকীৰ পৰিয়ালবৰ্গই তেওঁলোকৰ সন্তান দুগৰাকীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনা মুঠেই বিশ্বাসযোগ্য নহয় বুলি কোৱাৰ লগতে এই ঘটনাৰ আঁৰত ৰহস্য লুকাই আছে বুলিও মন্তব্য কৰিছে। তেওঁলোকৰ মতে এয়া এক হত্যাকাণ্ড। সেয়েহ দুয়োটা পৰিয়ালে এই ঘটনাৰ উচিত তদন্ত কৰি হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in