শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ভাৰতত নহয়, নেপালতহে উৎপত্তি হৈছিল যোগ…

ভাৰতত নহয়, নেপালতহে উৎপত্তি হৈছিল যোগ…

ডিজিটেল ডেস্কঃ যোগৰ সৃষ্টি ভাৰৰতত নহয় বৰঞ্চ নেপালতহে। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতত যোগৰ সাধনা কৰি অহাৰ যি ইতাহাস সেই ইতিহাসক নস্যাত কৰি যোগ নেপালৰ বুলিহে মন্তব্য কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি অহা কে পি অলি শৰ্মাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই ভাৰতৰ বহু হাজাৰ বছৰীয়া ইতিহাসক নস্যাত কৰি কৰা এই মন্তব্যই সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। সকলোৱে একেমুখে বহুবল্কী নেপালী প্ৰধানমন্ত্ৰী গৰাকীক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

ক্লিক কৰি পঢ়কঃ শান্তিৰ ন’বেল, হিটলাৰ আৰু অলিম্পিক গেম ভিলেজ…

কে পি অলিৰ দাবী নেপালৰ পৰাহে সমগ্ৰ বিশ্বলৈ যোগৰ প্ৰসাৰ হৈছে। নেপালতহে যোগৰ উৎপত্তি হৈছে। যোগৰ উৎপত্তি হোৱাৰ সময়ত ভাৰত নাছিলেই। তেওঁ ভাৰতীয় বিশেষজ্ঞসকলক সমালোচনা কৰি কৈছে যোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য ভাৰতীয় বিশেষজ্ঞই বিশ্বৰ পৰা লুকুৱাই ৰাখিছে।

মন কৰিবলগীয়া যে এইগৰাকী কে পি শৰ্মা অলিয়ে কিছুদিন পূৰ্বে অযোধ্যা ভাৰতৰ পৰিবৰ্তে নেপালত হে আছে বুলি মন্তব্য কৰিছিল। তেওঁৰ মতে ভাৰতৰ অযোধ্য ভুৱা। নেপালৰ বীৰগঞ্জৰ পশ্চিমেহে প্ৰকৃত অযোধ্যা অৱস্থিত। ইয়াৰ উপৰিও তেওঁ কৈছিল ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ জন্ম নেপালতহে হৈছিল।অলিৰ মতে ভাৰতীয় বিশেষজ্ঞই তথ্য নষ্ট কৰি নেপালক সাংস্কৃতিকভাৱে দমন কৰি আছে।

কে পি শৰ্মা অলিৰ এই অদ্ভুত মন্তব্যৰ পাছতে এতিয়া ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে কে পি শৰ্মা অলিৰ মনতব্যক ধিক্কাৰ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি