শান্তিৰ ন’বেল, হিটলাৰ আৰু অলিম্পিক গেম ভিলেজ…

শান্তিৰ ন’বেল, হিটলাৰ আৰু অলিম্পিক গেম ভিলেজ…

সমাগত টকিঅ' অলিম্পিক। মাজত মাত্ৰ এটা মাহ। অলিম্পিকৰ এক অবিচ্ছেদ্য অংগ 'গেম ভিলেজ'। প্ৰতিখন দেশেই অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ক্ৰীড়া আন্তঃগাঁথনিৰ লগতে গেম ভিলেজ নিৰ্মাণৰ ওপৰত দিয়ে বিশষ গুৰুত্ব। কি এই গেম ভিলেজ? কি দৰে গেম ভিলেজ হৈ পৰিল অলিম্পিকৰ অবিচ্ছেদ্য অংগ? এই গেম ভিলেজৰ লগত কি সম্পৰ্ক শান্তিৰ নবেল বঁটা আৰু এডলফ হিটলাৰৰ? এই সকলো সামৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ তুষাৰ প্ৰতিমৰ বিশেষ প্ৰতিবেদন।

অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন। কোৰোনা মহামাৰীৰ বাবে সম্পূৰ্ণ এবছৰ পিছুৱাই দিবলগীয়া হ'ল অলিম্পিক প্ৰতিযোগিতা। ক্ৰীড়া সমাৰোহখনৰ ইতিহাসত মহামাৰীৰ বাবে এবছৰ পিছুৱাই দিয়া ঘটনা এয়াই প্ৰথম। ইয়াৰ পূৰ্বে প্ৰথম বিশ্ব যুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে পিছুৱাই দিয়া হৈছিল অলিম্পিক প্ৰতিযোগিতা। ২০২০ চনৰ ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন কোৰোনাৰ বাবে ২০২১ চনৰ ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ'ব। ইতিমধ্য অলিম্পিক আয়োজনৰ স্বত্ব লাভ কৰা জাপানে টকিঅ' চহৰক অলিম্পিকৰ বাবে সাজু কৰি তুলিছে। অৱশ্যে প্ৰতিযোগিতাখনলৈ মাজত মাত্ৰ এমাহ থকাৰ সময়তো অনিশ্চয়তা আঁতৰা নাই অলিম্পিক আয়োজনকলৈ। তথাপিও আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বাক আৰু টকিঅ' অলিম্পিক কমিটিৰ তৰফৰ পৰা প্ৰতিযোগিতাখন যিকোনো পৰিস্থিতিতে অনুষ্ঠিত কৰিব বুলি পূৰ্বৰে পৰা ঘোষণা কৰি আহিছে। ইতিমধ্যে জাপান চৰকাৰে দেশখনৰ টকিঅ' চহৰকে প্ৰমুখ্য কৰি কেইবাটাও প্ৰান্তত বাহাল থকা জৰুৰী অৱস্থাও প্ৰত্যাহাৰ কৰিছে। জাপান চৰকাৰৰ মন্ত্ৰীয়ে অলিম্পিকত নিৰ্দিষ্টি সংখ্যক দৰ্শকৰ উপস্থিত থাকিব পাৰিব বুলিও মন্তব্য কৰিছে। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা নাই। প্ৰায় প্ৰতিদিনেই প্ৰতিযোগিতাখনক লৈ নতুন নতুন বিষয় সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে। প্ৰতিদিনেই প্ৰতিযোগিতাখনকলৈ অনিশ্চিয়তাৰ সৃষ্টি হৈছে। কিন্তু তাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি আৰু জাপান চৰকাৰে প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰি আহিছে।

সাজু ষ্টেডিয়াম…

অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে জাপান চৰাকাৰে টকিঅ' চহৰক নতুন ৰূপত সজাই তুলিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে যাতে কোনো কাৰণতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। খেলুৱৈৰ বাবে নিৰ্মাণ কৰিছে বিলাসী আৰু অত্যাধুনিক প্ৰযুক্তি সম্পন্ন আটকধুনীয়া গেম ভিলেজ। প্ৰকৃতিয়ে বাৰে বাৰে ত্ৰাসৰ সৃষ্টি কৰা দেশ জাপানৰ প্ৰযুক্তি বিদ্যাৰ ওচৰত কেতিয়াবা প্ৰকৃতিয়েও হাৰ মানিছে। প্ৰকৃতিয়ে দেশখনক ধ্বংস কৰে আৰু জাপানী লোকসকলে অত্যাধুনিক প্ৰযু্ক্তিৰে জাপানক সজাই তোলে। এনেদৰে প্ৰযুক্তিৰ ক্ষেত্ৰত বহুদূৰ আগবঢ়া জাপানে অলিম্পিকটো প্ৰযুক্তিৰ চমক দিবলৈ প্ৰস্তুত হৈছে। অৱশ্যে এই প্ৰতিবেদনত টকিঅ' অলিম্পিকত জাপানে কেনেদৰে প্ৰযু্ক্তিৰে চমক দিব সেয়া কবলৈ বিচৰা হোৱা নাই। ইয়াত অলিম্পিকৰ গেম ভিলেজৰ ইতিহাসৰ বিষয়েহে কিছু কথা অৱতাৰণা কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰসংগ ক্ৰমে উনুকিয়াব লাগিব জাপানে এইবাৰ গেম ভিলেজত কিদৰে সজাইছে।

টকিঅ'ৰ গেম ভিলেজৰ এটা অংশ..

জাপানৰ অলিম্পিক আয়োজন কমিটিয়ে টকিঅ' অলিম্পিকৰ গেম ভিলেজত ৰবটৰ জড়িয়তে খেলুৱৈৰ পৰিচৰ্যাৰ অত্যাধুনিক ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে গেম ভিলেজক পৰাম্পৰাগত জাপানী নিৰ্মাণ শৈলীৰে নিৰ্মাণ কৰিছে। ইয়াত ব্যৱহাৰ কৰা হৈছে পুনৰ ব্যৱহাৰ যোগ্য কাঠ। গেম ভিলেজত আছে কেফে, দোকান আৰু সংবাদ মাধ্যমৰ লোকৰ বাবে বিশেষ কোঠালি। ইয়াৰ উপৰিও গেম ভিলেজত বিভিন্ন ধৰ্মাৱলম্বী খেলুৱৈৰ উপাসনাৰ বাবে নিৰ্মাণ কৰিছে ভ্ৰাম্যমাণ উপাসনাস্থলী। ইয়াৰ উপৰিও টকিঅ' অলিম্পিকৰ গেম ভিলেজত খেলুৱৈৰ বাবে জিম, ছুইমিং পুলকে ধৰি সকলোধৰণৰ ব্যৱস্থা ৰাখিছে।

গেম ভিলেজৰ কোঠালিৰ দৃশ্য, ইয়াতেই থাকিব খেলুৱৈ..

আধুনিক অলিম্পিকৰ এক এৰাব নোৱাৰা অংগ এই গেম ভিলেজ অলিম্পিকলৈ কিদৰে আহিল? পূৰ্বে অলিম্পিকত নাছিল এনেধৰণৰ গেম ভিলেজ। এই গেম ভিলেজ নিৰ্মাণৰ কোনো পৰিকল্পনা নাছিল অলিম্পিক কমিটিৰ। কিন্তু তথাপিও অলিম্পিকৰ এক এৰাব নোৱাৰা অংগলৈ পৰিণত হৈ পৰিল গেম ভিলেজ। এই গেম ভিলেজ নিৰ্মাণৰ আঁৰত আছিল মাত্ৰ এজন খেলুৱৈ। মাত্ৰ এজন খেলুৈৱৰ প্ৰচেষ্টাতেই অলিম্পিকৰ লগত সংযুক্ত হৈ পৰিল গেম ভিলেজ। অলিম্পিকৰ লগত গেম ভিলেজ কিদৰে সংযুক্ত হৈ পৰিল বা গেম ভিলেজ কিয় অলিম্পিকৰ এক অবিচ্ছেদ্য অংগ সেই বিষয়ে উল্লেখ কৰাৰ আগতে উল্লেখ কৰিব লাগিব আন এক কাহিনী। শান্তিৰ নবেল বিজয়ী এজন অলিম্পিয়ানৰ বিষয়ে কিছু কথা জানিব লাগিব আমি।

১৯৫৯ চনত শান্তিৰ নবেল বঁটা লাভ কৰিছিল বৃটেইনৰ ফিলিপ ন'ৱেল বেকাৰে। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত এম্বুলেঞ্চ চালক হিচাপে কাম কৰা ফিলিপ ন'ৱেল বেকাৰে পৰৱৰ্তী সময়ছোৱাত বৃটেইনৰ সংসদৰো সদস্য হৈ পৰিছিল। ইয়াৰ পৰাই তেওঁ ৰাষ্ট্ৰসংঘৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ অন্যান্য দেশৰ মাজত হোৱা যুদ্ধৰ দামামা শেষ কৰি শান্তি স্থাপনৰ বাবে সৰ্বোতপ্ৰকাৰে চেষ্টা চলাইছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াত এই বিষয়ত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাখিল কৰিছিল। এইগৰাকী ফিলিপ ন'ৱেল বেকাৰেই ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক বাতিলৰ সমৰ্থনত মাত মাতিছিল। অথচ তেওঁ নিজেই অলিম্পিক পদকপ্ৰাপ্ত এগৰাকী সফল এথলিটো আছিল।

যদি অলিম্পিকৰ আত্মাকেই হত্যা কৰা হয়, তেনে নালাগে বাৰ্লিন অলিম্পিক…এইদৰেই গৰজি উঠিছিল ফিলিপ ন'ৱেল বেকাৰে

বিশ্বৰ অগণন ক্ৰীড়াবিদৰ উচ্চতম আকাংক্ষা অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি এটা পদক কঢ়িয়াি আনা। অলিম্পিক প্ৰতিযোগিতাৰস্থলি তেওঁলোকৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা সকলো। অলিম্পিকৰ মঞ্চত তেওঁলোকৰ ধৰ্ম এটাই হৈ পৰে.. 'খেল'। অলিম্পিকৰ বাবেই তেওঁলোকে ত্যাগ কৰে, কষ্ট কৰে, সাধনা কৰে। গতিকে এগৰাকী অলিম্পিক পদকপ্ৰাপ্ত খেলুৱৈয়ে অলিম্পিক বাতিল কৰিবলৈ কিয় সজোৰে মাত মাতিব? নিশ্চয় ইয়াৰ অন্তৰালটো এক কাৰণ থাকিব; নহয়জানো! হয় ফিলিপ ন'ৱেল বেকাৰে বাৰ্লিন অলিম্পিক বাতিলৰ বাবে সজোৰে মাত মতাৰ আঁৰৰ কাৰণ আছিল অলিম্পিকৰ 'আত্মা'ক জীয়াই ৰখা। তেওঁ বিশ্বাস কৰিছিল বাৰ্লিন অলিম্পিকত বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ আৰু পবিত্ৰ মঞ্চখনৰ আত্মাক হত্যা কৰিবলৈ বিচৰা হৈছে। এই অপকৰ্ম কৰিবলৈ আগবাঢ়ি আহিছে এডলফ হিটলাৰ। সেই হিটলাৰ যিয়ে চলাইছিল গণহত্যা। সেই হিটলাৰ যি হিটলাৰ হ'লকাষ্টৰ বাবে কুখ্যাত। সেই হিটলাৰ যিয়ে কৰিছিল ইহুদী নিধন যজ্ঞ।

১৯৩৩ চনৰ ৩০ জানুৱাৰীত এডলফ হিটলাৰ চাঞ্চেলৰ হিচাপে নিযুক্ত হোৱাৰ পিছত ২৪ মাৰ্চত কাৰ্যকৰী হৈছিল হিটলাৰক পূৰ্ণ ক্ষমতা দিয়া আইন। তেতিয়াৰে পৰাই প্ৰস্তুতি চলিছিল ইহুদী নিধন যজ্ঞৰ। ১৯৩৬ চনত হিটলাৰৰ বাৰ্লিনত অনুষ্ঠিত হৈছিল অলিম্পিক। অলিম্পিকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে প্ৰস্তুতি চলাই থকাৰ সময়তে হিটলাৰে ঘোষণা কৰিলে বাৰ্লিন অলিম্পিকত ভাগ ল'ব নোৱাৰিব ইহুদী, নিগ্ৰো, শ্ৰমিক লোকসকলে।

"I proclaim the games of Berlin celebrating the eleventh Olympiad of the modern era, to be open"- বাৰ্লিন অলিম্পিক মুকলি কৰাৰ অৱস্থাত হিটলাৰ

এয়া কিদৰে সম্ভৱ! খেলুৱৈৰ জানোঁ থাকে জাত-পাত, ধৰ্ম? খেলুৱৈৰ বাবে একেটাই জাত, একেটাই ধৰ্ম। খেলে আনে শান্তি, খেলে বিলাই সম্প্ৰীতিৰ বাণী। লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ'ল প্ৰতিবাদ। বহুদেশে মুকলিকৈ মাত মাতিলে, হিটলাৰ তুমি অলিম্পিকৰ আত্মাক হত্যা কৰিবলৈ ওলাইছা, আমি তোমাৰ দেশলৈ নাযাওঁ। এই বিভিন্ন দেশৰ মাজৰ অন্যতম এখন দেশ আছিল ইউ কে…ইউনাইটেড কিংডম। দেশখনৰ সাংসদ ফিলিপ ন'ৱেল বেকাৰেই সজোৰে দাবী কৰিলে যদি অলিম্পিকৰ আত্মাকেই হত্যা কৰা হয়, তেনে নালাগে বাৰ্লিন অলিম্পিক। বাতিল হ‌ওক এই প্ৰতিযোগিতা। বহিষ্কাৰ কৰক প্ৰতিখন দেশে।

বাৰ্লিন অলিম্পিক অনুষ্ঠিত হ'ল। আৰম্ভ হ'ল বহু কেইটা বিতৰ্ক। অলিম্পিক চ্যেলুট, নাজী চ্যেলুটকলৈ বিতৰ্ক। দুয়োটা চ্যেলুটৰ ধৰণ একে হোৱাৰ বাবেই এই বিতৰ্ক। বহু দেশে অলিম্পিক চ্যেলুটৰ পৰিবৰ্তে সৈনিক চ্যেলুটেৰে সম্ভাষণ জনালে হিটলাৰক। ইউনাইটেড কিংডম, আমেৰিকা আদিয়ে ভংগ কৰিলে পৰম্পৰা। পৰাধীন ভাৰতেও অলিম্পিক চ্যেলুটৰ পৰিবৰ্তে সৈনিক চ্যেলুটেৰে সম্ভাষণ জনালে হিটলাৰক।"I proclaim the games of Berlin celebrating the eleventh Olympiad of the modern era, to be open" বহু কেইটা বিতৰ্কৰ পিছত এইদৰেই হিটলাৰে আৰম্ভ কৰিলে বাৰ্লিন অলিম্পিক।

এতিয়া আহোঁ পুনৰ গেম ভিলেজৰ প্ৰসংগলৈ। ১৯১২ চনৰ চুইডেন অলিম্পিক। প্ৰতিযোগিতাখনলৈ পোন প্ৰথমবাৰৰ বাবে ভাগ লবলৈ আহিছে ইউনাইটেড কিংডম দলটোৰ লগত ফিলিপ ন'ৱেল বেকাৰ নামৰ যুৱকজন। ১৫০০ মিটাৰ ইভেণ্টত ভাগ লবলৈ অহা ফিলিপ ন'ৱেল বেকাৰ নামৰ যুৱকজন ফাইনেলত উপনীত হ'ল যদিও কোনো পদক লাভ নকৰিলে। অৱশ্যে তেওঁৰ দেশৰে সতীৰ্থজনে লাভ কৰিলে এটা পদক। খালী হাতেৰেই চুইডেনৰ পৰা স্বদেশলৈ ঘূৰি গ'ল ফিলিপ ন'ৱেল বেকাৰ। ইয়াৰ পিছত ১৯২০ চনৰ অলিম্পিকত পুনৰ স্বদেশক প্ৰতিনিধিত্ব কৰি ফিলিপ ন'ৱেল বেকাৰ বেলজিয়ামলৈ আহিছে। এইবাৰ তেওঁ লাভ কৰিছে ট্ৰেক দলটোৰ অধিনায়কৰ দায়িত্ব। লগত আছে চুইডেনৰ অভিজ্ঞতা। হাতত স্বদেশৰ পতাকা লৈ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ইউ কেৰ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিলে ফিলিপ ন'ৱেল বেকাৰে। দুটা নতুন দায়িত্ব লাভেৰে ফিলিপ ন'ৱেলৰ বাবে বেলজিয়ামৰ অলিম্পিক হৈ পৰিল বিশেষ। এই বিশেষ অলিম্পিক প্ৰতিযোগিতাখনক চিৰস্মৰণীয় কৰি তুলিলে তেওঁ ১৫০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভেৰে। কেৱল সেয়াই নে?

ষ্টেডিয়ামৰ বাহিৰ ভাগৰ দৃশ্য…

আৰম্ভ কৰিলে তেওঁ অলিম্পিকৰ মঞ্চত এক বিশেষ কাৰ্যক্ৰম। বিভিন্ন দেশৰ বিভিন্ন খেলুৱৈৰ মাজত ফিলিপ ন'ৱেল বেকাৰে আৰম্ভ কৰিলে 'সামাজিক বৈঠক'। বিভিন্ন দেশৰ খেলুৱৈৰ মাজত কথাৰ ভাগ বতৰা কৰাৰ জড়িয়তে, নিজ নিজ দেশৰ সাংস্কৃতিক, সামাজিক আদি দিশবোৰ ভাগ বটোৱাৰ কৰাৰ বাবেই এই সামাজিক বৈঠক। এক নতুন চিন্তা। নতুনৰ আৰম্ভণি। এই সামাজিক বৈঠকক ফিলিপ ন'ৱেল বেকাৰে বেলজিয়ামত আৰম্ভ কৰি কঢ়িয়াই নিলে ১৯২৪ চনৰ পেৰিচ অলিম্পিকলৈ। পেৰিচত ফিলিপে পদক নাপালে যদিও গঢ়ি থৈ আহিল এক নতুন নিয়ম। সামাজিক বৈঠক। ইয়াৰ পৰাই আৰম্ভ হৈছিল গেম ভিলেজৰ চিন্তা। যি চিন্তাই পৰিপক্কতা লাভ কৰিছিল ১৯৩২ চনৰ লছ এঞ্জেলেছ অলিম্পিকত। অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এই অলিম্পিকতেই সংযুক্ত হ'ল গেম ভিলেজ। যি গেম ভিলেজত এখন দেশৰ খেলুৱৈয়ে আন এখন দেশৰ খেলুৱৈৰ লগত সংস্কৃতিৰ বিনিময় কৰে, ভাবৰ আদান প্ৰদান কৰে। এই গেম ভিলেজতেই বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈয়ে একেলগে বাস কৰে। খেলুৱৈৰ মাজৰ পৰা আঁতৰি যায় দেশৰ শত্ৰুতা, নাথাকে কোনো কাঁইটীয়া বেৰৰ সীমা। সকলো হৈ পৰে একেটা ধৰ্মৰ, একেটা জাতৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in