বনৰীয়া হাতীৰ উপদ্ৰৱঃ ভাঙিলে কেইবাটাও বাসগৃহ..

বনৰীয়া হাতীৰ উপদ্ৰৱঃ ভাঙিলে কেইবাটাও বাসগৃহ..

বনৰীয়া হাতীৰ উপদ্ৰৱঃ ভাঙিলে কেইবাটাও বাসগৃহ..

ডিজিটেল সংবাদ ৰহাঃ ৰহাৰ আমচৈৰ কেকুৱাগাওঁত তাণ্ডৱ সৃষ্টি কৰিছে বনৰীয়া হাতীয়ে। শুক্ৰবাৰে নিশা প্ৰায় ১১:৩০ বজাত গাওঁখনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীয়ে। জানিব পৰা মতে শুক্ৰবাৰে নিশা আমচৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা হাতীয়ে কেকুৱাগাওঁ অঞ্চলত প্ৰবেশ কৰে আৰু অঞ্চলবাসী ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰে৷ উক্ত আতংকিত পৰিবেশৰ মাজতে হাতী কেইটাই ক্ষতি কৰি থৈ যায় বহু কেইটা বাসগৃহ ৷অৱশ্যে বনৰীয়া হাতীৰ এই আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ।

ইয়াৰ পাছত বনৰীয়া হাতীৰ এই আক্ৰমণৰ খবৰ বন বিভাগক দিয়াত আমচৈৰ বন বিভাগ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্থক কিছু সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীয়ে সঘনে উপদ্ৰৱ চলাই সা সম্পত্তি ধ্বংস কৰাৰ লগতে একাধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in