/asomiyapratidin/media/media_files/2025/06/29/mhnmmnm-2025-06-29-20-45-10.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰ: অৰুণাচল প্ৰদেশত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে অৰুণাচল প্ৰদেশৰ ইটানগৰ আছামিজ এচ'চিয়েছনে। সেই উপলক্ষে আছামিজ এছ'চিয়েছন, ইটানগৰৰ উদ্যোগত আৰু উত্তৰ লক্ষিমপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ সহযোগত দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে এটা অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰৰ।
এই মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী পাচাং দৰজে চ'নাই ভাষণ প্ৰদান কৰি কয় যে, "অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আছামিজ এচ'চিয়েছন, ইটানগৰে যি পদক্ষেপ গ্ৰহণ কৰিছে ই সঁচাকৈয়ে প্ৰশংসনীয়। ভাষা-সংস্কৃতি জীয়াই থাকিলেহে এটা জাতি জীয়াই থাকিব বুলি উল্লেখ কৰি প্ৰতিটো ভাষাৰেই প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো বাঞ্চনীয়। অৰুণাচল প্ৰদেশত অসমীয়া ভাষাৰ শিক্ষন আৰু প্ৰচাৰ-প্ৰসাৰে অসম আৰু অৰুণাচলৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ অধিক টনকিয়াল কৰিব" বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে।
ইটানগৰৰ বিবেক বিহাৰৰ ডন বস্কো ইয়থ' চেন্টাৰত আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰি আছামিজ এছ'চিয়েছন, ইটানগৰৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মুকুল পাঠকে কয় যে, "বিভিন্ন কাৰণত অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া পৰিয়াল সমূহৰ সন্তান সকলৰ শৈক্ষিক ব্যৱস্থাৰ পৰা বিছিন্ন হৈ গৈছে অসমীয়া ভাষা। তেনে ল'ৰা-ছোৱালী বা ছাত্র-ছাত্ৰী সকলে পাহৰি পেলাইছে অসমীয়া ভাষাৰ ব্যৱহাৰ। তদুপৰি অসমীয়া ভাষাৰ লগত তেওঁলোকৰ বিছিন্ন হৈ পৰিছে সংযোগ। সেইবাবে অসমীয়া ভাষা আৰু জ্ঞানৰ প্ৰতি লিখাই-পঢ়াই তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ এই কেন্দ্ৰৰ মুকলি কৰা" বুলি উল্লেখ কৰি মুকুল পাঠকে লগতে কয় যে, "এই শিক্ষণ কেন্দ্ৰৰ জৰিয়তে ছমহীয়া চাৰ্টিফিকেট আৰু এবছৰীয়া ডিপ্ল'মাৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াত কোনো বয়সৰ সীমা ধাৰ্য্য কৰা নাই।"
অনাগত দিনত আন আন বহি:ৰাজ্যলৈয়ো এই ব্যৱস্থা সম্প্ৰসাৰণৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে মুকুল পাঠকে। আছামিজ এছ'চিয়েছন, ইটানগৰৰ সভাপতি পৰমা চুতীয়াই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিয়ে ভাষণ প্ৰদান কৰি কয় যে, "ভাষাৰ সংকটকালত আছামিজ এচচিয়েছন, ইটানগৰে গ্ৰহণ কৰা এই পদক্ষেপ অতি আদৰণীয়।" তেওঁ অতি আক্ষেপেৰে কয় যে, "বহুতেই এতিয়া অসমীয়া ভাষাৰ সলনি হিন্দী-ইংৰাজীত কথা পাতিবলৈ লৈছে। হেৰুৱাই পেলাইছে নিজৰ স্বকীয়তা। ইয়াৰ প্ৰভাৱ বহি:ৰাজ্য সমূহত যথেষ্ট পৰা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত আছামিজ এচচিয়েছন,ইটানগৰে গ্ৰহণ কৰা পদক্ষেপে এক সূদুৰ প্ৰসাৰী প্ৰভাৱ পেলাব" বুলি উল্লেখ কৰি য়েছে দৰজে ঠংচিয়ে কয় যে, "উক্ত শিক্ষণ কেন্দ্রটোত তেওঁৰ পূৰ্ণ সহযোগ থাকিব আৰু আগ্ৰহী অৰুণাচলী লোক সকলক এই কেন্দ্ৰৰ জৰিয়তে অসমীয়া ভাষা শিকিবলৈ তেওঁ অনুৰোধ কৰিব।"
গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটোত উত্তৰ লক্ষিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চুতীয়া, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড: অৰবিন্দ ৰাজখোৱা,অসমৰ শৈক্ষিক ব্যৱস্থাৰে জড়িত বিশিষ্ট শিক্ষা প্ৰশিক্ষক তুলসী প্ৰিয়া বৰদলৈ,অসম প্ৰকাশন পৰিষদৰ সচিৱ প্ৰমোদ কলিতা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্য্যলয়ৰ যুটীয়া সচিৱ দিলীপ কুমাৰ চুতীয়া। অনুষ্ঠানটোত পলি শইকীয়াৰ দ্বাৰা পৰিৱেশিত বৰগীত, বিবেকানন্দ বিদ্যালয়ৰ একাংশ অসমীয়া ছাত্রীৰ দ্বাৰা পৰিৱেশিত সত্ৰীয়া নৃত্যই সকলোকে আপ্লুত কৰে।