বজাৰলৈ পলমকৈ আহিব আইফোন-১৪ ! এপ’লে হেৰুৱাব ৬২ হাজাৰ কোটি….

বজাৰলৈ পলমকৈ আহিব আইফোন-১৪ ! এপ’লে হেৰুৱাব ৬২ হাজাৰ কোটি….

ডিজিটেল ডেস্কঃ এপ'লৰ আইফোন-১৪ লৈ অপেক্ষা কৰি থকা সকলৰ বাবে আহিছে বেয়া খবৰ। নিৰ্ধাৰিত সময়ত মুকলি হোৱাৰ সম্ভাৱনা নাই আইফোন-১৪। চীনত কোভিড ভাইৰাছৰ বাবে লকডাউন চলি থকাৰ বাবেই আইফোন-১৪ মুকলি কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। কিয়নো আইফোন-১৪ ৰ বাবে প্ৰয়োজনীয় বিভিন্ন ডিভাইছ তৈয়াৰ কৰাত ব্যৰ্থ হৈছ।

এই বছৰৰ ছেপ্টেম্বৰত এপ'লৰ এক বৃহৎ অনুষ্ঠান আছে। এপ'লে সেই অনুষ্ঠানটোত আইফোন-১৪ মডেলটো মুকলি কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু এতিয়া এই অনুষ্ঠানত আইফোনৰ নতুন মডেলটো মুকলি কৰিব পাৰিবনে নাই তাত সন্দেহৰ সৃষ্টি হৈছে।

চীনত লকডাউন চলি আছে। এপ'লৰ ডিভাইচবোৰ ফক্সকন আৰু পেগাট্ৰনে প্ৰদান কৰে। এই দুটা বৃহৎ কোম্পানীৰ উপৰিও আন কিছুমান সৰু কোম্পানীয়েও বিভিন্ন সামগ্ৰী আগবঢ়ায়। কিন্তু লকডাউনৰ কাৰণে তেওঁলোকৰ উৎপাদন বন্ধ হৈ আছে।

এপ'লৰ নিয়ম অনুসৰি, তেওঁলোকে নিৰ্মাণ কৰা মোবাইল মুকলি কৰাৰ প্ৰায় চাৰিৰ পৰা পাঁচ মাহ আগতে অভিযান্ত্ৰিক দলৰ ওচৰলৈ যাব লাগিব। সেই দলৰ সদস্যসকলৰ দ্বাৰা পুংখানুপুংখ পৰীক্ষা কৰি ক্লিয়াৰেন্স দিলেহে সেই নতুন মোবাইল বজাৰৰ বাবে মুকলি কৰা হয়। আইফোন-১৪ ৰ ক্ষেত্ৰত এই বছৰৰ জুন মাহত মোবাইলটো অভিযান্ত্ৰিক দলৰ কাষলৈ যোৱাৰ কথা আছিল।

কিন্তু চীনৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি বিশেষজ্ঞসকলে বিশ্বাস কৰিছে যে, এই সময়ত ফোনটো প্ৰেৰণ কৰা সম্ভৱ নহয়। সেয়েহে আইফোন-১৪ বজাৰলৈ কিছু পলমকৈ আহিব। ইতিমধ্যে ফোনটোৰ বাবে সকলো কাম নিৰ্ধাৰিত সময়তকৈ প্ৰায় তিনি সপ্তাহ পলমকৈ কৰা হৈছে। সেয়েহে মোবাইলটো বজাৰলৈও পূৰ্বে নিৰ্ধাৰিত সময়তকৈ পলমকৈ অহাৰ সম্ভাৱনাই দেখা দিছে।

ইয়াৰ ফলত এপ'ল বৃহৎ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হ'ব। বজাৰ বিশেষজ্ঞসকলৰ মতে, যদি এপ'লে নিৰ্ধাৰিত সময়ত ফোনটো উলিয়াব নোৱাৰে, তেন্তে কেলিফৰ্ণিয়াৰ এই কোম্পানীয়ে প্ৰায় 8 বিলিয়ন ডলাৰ হেৰুৱাব লাগিব। ভাৰতীয় টকাৰ মূল্যত হ'ব ৬২ হাজাৰ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in