বাইহাটাৰ UPDATE- অভাৰব্ৰীজ খঁহি মৃত্যু হোৱা লোকজন ৰঙিয়াৰ ফুলচান্দ আলী...

বাইহাটাৰ UPDATE- অভাৰব্ৰীজ খঁহি মৃত্যু হোৱা লোকজন ৰঙিয়াৰ ফুলচান্দ আলী...

author-image
Asomiya Pratidin
New Update
বাইহাটাৰ UPDATE-  অভাৰব্ৰীজ খঁহি মৃত্যু হোৱা লোকজন ৰঙিয়াৰ ফুলচান্দ আলী...

ডিজিটেল ডেস্কঃ বাইহাটাত সংঘটিত হোৱা শোকাৱহ ঘটনাৰ শেহতীয়াকৈ লাভ কৰা হৈছে কিছু নতুন তথ্য। প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্মীয়মান উৰণ সেতুখনৰ প্ৰকাণ্ড বীম খহিঁ পৰাৰ ফলত মৃত্যু হোৱা লোকজন আচলতে শ্ৰমিক নাছিল।

Advertisment

নিহত লোকজন পথপথৰ ব্যৱসায়ী বুলিহে জানিব পৰা হৈছে। লোকজনৰ পৰিচয় ৰঙিয়াৰ ফুলচন্দ্ৰ আলী বুলি আৰক্ষীয়ে প্ৰাৰম্ভিক তথ্যত সদৰি কৰিছে। ইফালে উৰণ সেতুখনৰ প্ৰকাণ্ড বীমটো খহিঁ পৰাৰ ফলত ঘটনাস্থলীত এখন ডাম্পাৰ চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ লগতে বীমটো ওপৰলৈ উঠোৱা ক্ৰেনখনৰো ক্ষতিগ্ৰস্থ হৈছে।

ঘটনাস্থলীত বৰ্তমান উত্তেজনাই বিৰাজ কৰাৰ লগতে স্থানীয় ৰাইজে অৱৰোধ কৰিছে ঘাইপথ।  দলংখনৰ নিৰ্মানকাৰী সংস্থাটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাইজে আৰক্ষীক উচিত তদন্তৰ লগতে ক্ষতিপূৰণো দাবী কৰিছে।

ৰঙিয়া