প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮জন কেন্দ্ৰীয় মন্ত্ৰীৰ ভাগ্য নিৰ্ণয়...

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮জন কেন্দ্ৰীয় মন্ত্ৰীৰ ভাগ্য নিৰ্ণয়...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১০২খন আসনৰ বাবে পুৱা ৭বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে। আবেলি ৬বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হব এই সমষ্টিকেইটাত। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬২৫জন প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা কৰিছে। ইয়াৰে ১৪৯১গৰাকী পুৰুষ আৰু ১৩৪গৰাকী মহিলা প্ৰাৰ্থী।

প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত ৮জন কেন্দ্ৰীয় মন্ত্ৰী, ২জন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এজন প্ৰাক্তন ৰাজ্যপালৰ ভাগ্য নিৰ্ণয় হব। ২১খন ৰাজ্যৰ এই ১০২টা সমষ্টিত ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ ৪৫খনতে ইউ পি এ আৰু ৪১খনত এন ডি এ প্ৰাৰ্থী জয়ী হৈছিল।

আৰ এছ এছ মুৰব্বী মোহন ভাগৱতে ইতিমধ্যে নাগপুৰৰ এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে। আজি ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া ৰাজ্যকেইখন হল- উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, অসম, তামিলনাডু, বিহাৰ, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, মণিপুৰ, চত্তীশগড়, জম্মু-কাশ্মীৰ, অৰুণাচলপ্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, চিকিম, নাগালেণ্ড, লক্ষাদ্বীপ, পুডুচেৰী আৰু আণ্ডামান নিকোবৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কিৰেন ৰিজেজু, সৰ্বানন্দ সোণোৱাল, সঞ্জীৱ ৱালিয়ান, জিতেন্দ্ৰ সিং, ভূপেন্দ্ৰ যাদৱ, অৰ্জুন ৰাম মেঘৱাল, এল মুৰুগান।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১.৮৭লাখ। এই ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগে নিয়োজিত কৰিছে প্ৰায় ১৮লাখ বিষয়া-কৰ্মচাৰী। ১৬.৬৩কোটি ভোটাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিব। ইয়াৰ ভিতৰত ১১,৩৭১তৃতীয় লিংগৰ ভোটাৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৫.৬৭লাখ নতুন ভোটাৰে ভোটদান কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in