পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে- জনসাধাৰণৰ ভিৰ পৰিচালনা কৰাত ব্যৰ্থ বংগ চৰকাৰ।

author-image
Asomiya Pratidin
New Update
new ap web 4 (10)

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগ চৰকাৰৰ ওপৰত কৰিছে তীব্ৰ সমালোচনা। মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত যি পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল তাৰ পাছতে এই  সমালোচনা কৰা পৰিলক্ষিত হৈছে।ৰাজ্যৰ আইন-শৃংখলা সম্পূৰ্ণৰূপে ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ বাবে ভিআইপি সংস্কৃতিক জগৰীয়া কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

1b60df4f-ee9b-43bc-aa52-ce2353967c65

আন ৰাজ্যৰ বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ তুলনা কৰি  মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- জনসাধাৰণৰ ভিৰ পৰিচালনা কৰাত ব্যৰ্থ বংগ চৰকাৰ। আনপিনে জুবিন গাৰ্গৰ মৃত্যু সময়ত  মহানগৰীৰ ৰাজপথত  ১০ লাভ লোকে ভিৰ কৰিছিল। সেই ভিৰ শান্তিপূৰ্ণভাৱে কোনো ঘটনা সংঘটিত নোহোৱাকৈ পৰিচালনা কৰিছিল। শেহতীয়াকৈ অসমত পোষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হৈ গ'ল। তেতিয়াও অসম চৰকাৰৰ সুদক্ষ নেতৃত্বত অসম প্ৰশাসনে নিয়ন্ত্ৰণ কৰিছিল বিশাল জনগণৰ ভিৰ।শেহতীয়াকৈ অসমলৈ আন্তঃৰাষ্ট্ৰীয় তাৰকা প'ষ্ট মেলন অহাৰ সময়তো প'ষ্ট মেলনৰ অনুৰাগীসমূহৰ ভিৰক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল অসম প্ৰশাসন।

1755795809_himanta-biswa-sarmaউল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় - মেছি সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ। ইপিনে মমতা বেনাৰ্জীয়ে  এই কথাটোৰ ওপৰত আত্মমন্থন কৰা উচিত। এনেদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবঙ্গ চৰকাৰক কৰে কটাক্ষ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মমতা বেনাৰ্জী