/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4d918005-4679-40c1-b978-c8c7f2c0499b/WhatsApp_Image_2022_09_23_at_02_29_40.jpeg)
FORKATING
ডিজিটেল সংবাদ ফৰকাটিংঃ অসুস্থ হৈ চিকিৎসাধীন হৈ থকা অসমৰ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আশু আৰোগ্যৰ কামনাৰ্থে ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফাইন আৰ্ট বিভাগে কাছমাৰী ৰজাবাৰীত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ৩৬ জন ছাত্ৰ-ছাত্ৰীয়ে বিশিষ্ট চিত্ৰশিল্পী 'ককা নীলপৱন বৰুৱাৰ সোনকালে আৰোগ্য হওঁক' এই বাণী লিখি কাছমাৰী ৰজাবাৰী ঐতিহাসিক ক্ষেত্ৰৰ বিভিন্ন চিত্ৰ অংকন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/53647d0d-61ef-4e34-8045-f918ecaaacd9/c1bad307_8260_46ef_a50a_b7ab8edef027.jpg)
কাছমাৰীৰ ৰজাবাৰীৰ ঐতিহাসিক ক্ষেত্ৰৰ স্থাপত্য সপ্তম অষ্টম শতিকাত কছাৰী সকলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। নামদাং নদীৰ পৰা আৰম্ভ হৈ ধনশিৰি দৈয়াং উপত্যকাৰ উপৰিও ডিমাপুৰ হাফলং পৰ্যন্ত বিশাল ৰাজ্যখণ্ড কছাৰী সকলৰ অধীন আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ab66f008-fe6a-4ec9-894f-96eb61942678/1cf45ada_e860_4b73_8c37_7a68e2d84855.jpg)
কছাৰীসকলে কাছমাৰী, ডিমাপুৰ, খাছপুৰ আদি অঞ্চলত বিভিন্ন স্থায়ী স্থাপত্য স্থাপন কৰিছিল। বৰ্তমানেও এই স্থাপত্য সমূহৰ অৱশিষ্ট সংৰক্ষণ হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলে ৰজাবাৰীৰ স্থাপত্য ভাস্কৰ্য সমূহৰ চিত্ৰ অংকন কৰি তেওঁলোকৰ ঐতিহাসিক জ্ঞান সমৃদ্ধ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9ba972fd-f8f3-443d-a7a5-4809254f9734/88bed2dc_c350_4185_afc0_b6faed8e9657.jpg)
ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰ অংকনৰ ওপৰিও এক বৈঠক অনুষ্ঠিত কৰি কবিতা আবৃত্তি, পৰিবেশ সম্পৰ্কীয় জ্ঞান আদি লাভ কৰে। ফাইন আৰ্ট বিভাগৰ বিষয় শিক্ষয়িত্ৰী চায়ামনি তুৰীয়ে এক সাৱলীল বক্তৃতাৰে ছাত্ৰ-ছাত্ৰী সকলক নীলপৱন বৰুৱাৰ চিত্ৰ সম্পৰ্কে বিষদ ভাবে তথ্য দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1ced3e35-d45c-43f5-87f2-e576b02cd72a/dd3f6d1a_dba6_43d3_b879_51453a127cd1.jpg)
আনগৰাকী তত্তাৱধায়ক ভূগোল বিভাগৰ বিষয় শিক্ষয়িত্ৰী মুনমী শইকীয়াই আজি সাংকেতিক ভাষা দিৱসৰ তাৎপৰ্য আৰু পৰিবেশ সম্পৰ্কে ভাষণ আগবঢ়ায়। ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এই ব্যতিক্ৰমী প্ৰয়াসক স্থানীয় ৰাইজে শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8c5e1cf2-f8a5-456c-b44e-12eb81a7c87e/adcbbfae_8558_4c1d_90a8_6c3e659b3aca.jpg)