'শ্যামকানু'ৰ পৰা 'সোণাপুৰ'ৰ লৈকেঃ জুবিনৰ মৃত্যুৰ সৈতে 'S'ৰ লিংক...

জুবিনৰ মৃত্যুৰ ঘটনা প্ৰৱাহৰ সৈতে বিশেষ ভাৱে সংযোগ ঘটিছে ইংৰাজী বৰ্ণমালা S আখৰটোৰ। ইয়াকে লৈ সামাজিক মাধ্যমত চলিছে তীব্ৰ চৰ্চা। কেনেকৈ এই সংযোগ ঘটিছে চাওঁ আহক।  জুবিনক প্ৰথমে নৰ্থ ইষ্ট

author-image
Asomiya Pratidin
New Update
IJJJD

ডিজিটেল ডেস্কঃ জুবিনৰ মৃত্যুৰ ঘটনা প্ৰৱাহৰ সৈতে বিশেষ ভাৱে সংযোগ ঘটিছে ইংৰাজী বৰ্ণমালা S আখৰটোৰ। ইয়াকে লৈ সামাজিক মাধ্যমত চলিছে তীব্ৰ চৰ্চা। কেনেকৈ এই সংযোগ ঘটিছে চাওঁ আহক। 

জুবিনক প্ৰথমে নৰ্থ ইষ্ট ফেষ্টিভেললৈ আমন্ত্ৰণ কৰা মানুহজনৰ নামিছিল শ্যামকানু। ইংৰাজীত তেওঁৰ নামৰ প্ৰথমটো আখৰ S । ইফালে জুবিনৰ মৃত্যুৰ বাবে ৰাইজে বিশেষভাৱে দায়ী কৰা মেনেজাৰ গৰাকীৰ নাম হৈছে সিদ্ধাৰ্থ, তেওঁৰো ইংৰাজী নামৰ প্ৰথম আখৰটো S ।

এই দুয়োগৰাকী লোকৰ হেচাঁত জুবিন গৈছিল ছিংগাপুৰলৈ। ছিংগাপুৰৰ প্ৰথম আখৰটো হৈছে S । ছিংগাপুৰলৈ জুবিনে বাদ্যযন্ত্ৰী হিচাপে নিছিল শেখৰক। শেখৰৰ প্ৰথম আখৰটোও হৈছে S । ছিংগাপুৰলৈ গৈ জুবিন গৈছিল সাগৰত সাতুৰিবলৈ। সাতুৰৰ ইংৰাজী প্ৰতিশব্দ SWIMMING আনফালে সাগৰকো ইংৰাজীত কোৱা হয় SEA বুলি। এই দুটা বাক্যৰো প্ৰথম আখৰটো হৈছে- এছ। 

জুবিন ছিংগাপুৰলৈ গৈছিল ছেপ্টেম্বৰ মাহত। ছেপ্টম্বৰৰ ইংৰাজী  নামৰ প্ৰথম আখৰটো হৈছে এছ।  সদৌ শেষত জুবিনক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে- SARUSAJAI STADIIUMত। ইয়াৰো প্ৰথম আখৰটো হৈছে- এছ। জুবিন পঞ্চভূতত বিলীন হ'ব সোণাপুৰত। এই সোণাপুৰৰো ইংৰাজী নামৰ প্ৰথম শব্দটো হৈছে- এছ। 

জুবিন গাৰ্গ