ডিজিটেল সংবাদ,নগাঁওঃ কাজিৰঙাত নিশা মুখ্যমন্ত্ৰী প্ৰৱেশ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে ৷ নগাঁৱত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কামত ব্যস্ত থাকিব লগীয়া হয়,সেয়ে নিশাৰ সময়টো ল’বলগীয়া হৈছে ৷ সময় লৈ কথা ৷ নিশা যাব পাৰে ৷ মই নিশা গৈছো ৷ মানসত মই নিশা প্ৰৱেশ কৰিছো ৷ লগতে জুবিন গাৰ্গে কয় যে বাহিৰৰ দেশত নিশা যাব পাৰে ৷ ইয়াতো কৰিব লাগে ৷
নগাঁও পানী গাঁও চাৰিআলিত নতুনকৈ স্থাপন হোৱা হোটেল ঋষিৰাজ মুকলি কৰি জুবিনে শেহতীয়াকৈ চৰকাৰে ২৬ হাজৰ নিবনুৱাক চাকৰি দিয়াৰ সন্দৰ্ভত কয় যে চৰকাৰে সাক্ষাতকাৰ পাতিছে ৷ সাক্ষাতকাৰ অনুষ্ঠিত কৰি নিয়ুক্তি দিছে ৷ ইয়াত মাত মতাটো অনুচিত ৷
সমাগত দুৰ্গা পূজাৰ বতৰত ষ্টুডিঅ’ত ব্যস্ত থাকিব বুলি বক্তব্য আগবঢ়াই কয় যে পূজা চাবলৈ নাযাঁও ৷ কাম কৰিম ৷ ষ্টুডিঅ’ মোৰ পুজা ৷ হোটেল মুকলি সভাত ধিং এক্সপ্ৰেছ হীমা দাস, অভিনেতা যতীন বৰা ,কণ্ঠশিল্পী কৃষ্ণমণি নাথ আদি উপস্থিত থাকে ৷
উল্লেখ্য যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ পৰিয়ালে ঋষিৰাজ নামৰ হোটেলখন স্থাপন কৰিছে ৷
কাজিৰঙাৰ বিৰ্তকঃ মুখ্যমন্ত্ৰীৰ পক্ষত জুবিন গাৰ্গ...
জুবিন গাৰ্গে কয় যে বাহিৰৰ দেশত নিশা যাব পাৰে, ইয়াতো কৰিব লাগে
zubeen garg