সেনা প্ৰধানৰ প্ৰাৰ্থনা বিফলে গ'ল ! সন্ত্ৰাসবাদীৰে যুঁজি ছহিদ হ'ল 'জুম'...

author-image
Asomiya Pratidin
New Update
সেনা প্ৰধানৰ প্ৰাৰ্থনা বিফলে গ'ল ! সন্ত্ৰাসবাদীৰে যুঁজি ছহিদ হ'ল 'জুম'...

ZOOM

ডিজিটেল ডেস্কঃ দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত জুম অৱশেষত ছহিদ হ'ল। সন্ত্ৰাসবাদীৰ গুলীত আহত হৈ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি থকা জুমৰ আৰোগ্যৰ বাবে সাধাৰণ সেনা জোৱানেই নহয়, সেনা প্ৰধানেও প্ৰাৰ্থনা কৰিছিল। তৎস্বত্ত্বেও বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত মৃত্যুৰ ওচৰত হাৰ মানিলে জুমে।

Advertisment

জন্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাত উগ্ৰপন্থীৰ লক্ষ্য হৈ পৰিছিল জুম। সন্ত্ৰাসবাদীৰ এটা গোটে কৰা গুলীচালনাত দুটাকৈ গুলী লাগে জুমৰ দেহত। ইয়াৰ পিছতে আঘাতপ্ৰাপ্ত জুমক জীয়াই ৰাখিবলৈ ততাতৈয়াকৈ ৫৪ এ এফ ভি এইছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ পূৰ্বে জুমে দুটাকৈ দুধৰ্ষ সন্ত্ৰাসবাদী নিধন কৰাত সেনা তথা নিৰাপত্তাৰক্ষী সফল হৈছিল। জুমৰ ওপৰত ভাৰতীয় সেনাই ন্যস্ত কৰিছিল এক গভীৰ দায়িত্ব। অনন্তনাগৰ যিটো ঘৰত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছিল, সেই নিৰ্দিষ্ট ঘৰটো খালী কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল জুমক।

জুমৰ দায়িত্ব আছিল ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰি সন্ত্ৰাসবাদী কেইটাক বাহিৰলৈ উলিয়াই অনা। নিজ দায়িত্ব পালন কৰাৰ উদ্দেশ্য জুম সোমাই গৈছিল সেই নিৰ্দিষ্ট ঘৰটোৰ ভিতৰলৈ। জুমৰ লগত নাছিল কোনো অস্ত্ৰ। শাৰীৰি শক্তিখিনিয়েই তাৰ অস্ত্ৰ। সেই শাৰীৰিক সক্ষমতাৰ বলেৰে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী কেইটাক আক্ৰমণ কৰি বাহিৰলৈ লৈ অনাটোৱেই আছিল জুমৰ প্ৰধান লক্ষ্য।

জুমে সেই নিৰ্দিষ্ট ঘৰটোত প্ৰৱেশ কৰিয়েই তাত লুকাই থকা সন্ত্ৰাসবাদী কেইটাৰ ওপৰত আক্ৰমণ কৰি দিছিল। ফলত সন্ত্ৰাসবাদী কেইটাৰ বন্দুকৰ লক্ষ্য হৈ পৰিছিল জুম। দেহত দুটাকৈ গুলী লগাৰ পিছতো জুম ৰৈ যোৱা নাছিল।

বৰঞ্চ অৱশিষ্ট শক্তিৰে সন্ত্ৰাসবাদী কেইটাৰ ওপৰত কৰা আক্ৰমণৰ বাবেই সিহঁত বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছিল আৰু সেনা আৰক্ষীৰ অভিযান সফল হৈছিল। এই ঘটনাত জুমৰ পিছফালৰ দুয়োটা ভৰি ভাঙিল। মুখতো গুৰুতৰ আঘাত।

জুমৰ এই বীৰত্বৰ বাবেই সেনা প্ৰধানেও টুইটাৰৰ জৰিয়তে সুস্থ হোৱাৰ কামনাৰে প্ৰাৰ্থনা কৰা কথা প্ৰকাশ কৰিছিল। সেনাবাহিনীৰ জোৱানসকলেও জুমৰ আশোআৰোগ্য কামনা কৰিছিল। অৱশেষত দেশৰ সুৰক্ষাৰ বাবে প্ৰদান কৰা দায়িত্ব সফলতাৰে পালন কৰি জুম হ'ল ছহিদ।

ভাৰতীয় সেনাৰ উচ্চ প্ৰক্ষিশিত আছিল জুম নামৰ এই বিশেষ প্ৰজাতিৰ কুকুৰটো। জুম নামৰ এই কুকুৰটো যোৱা ৮ মাহ ধৰি ২৮ আৰ্মি ডগ ইউনিটৰ সৈতে আছিল। বিশেষ ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত জুম আৰু জুমৰদৰে কুকুৰবোৰে সেনাক বিভিন্ন অভিযানত সন্মুখৰ পৰা সহায় কৰি আহিছে। কিন্তু বহু ক্ষেত্ৰত দেশৰ সুৰক্ষাত নিয়োজিত জুমৰ দৰে বিশেষ প্ৰজাতিৰ, উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰবোৰৰ ত্যাগৰ বিষয়ে অৱগত নহয় সাধাৰণ জনতা।

জন্মু-কাশ্মীৰত জুম নামৰ সেনাবাহিনীৰ এই কুকুৰটো ছহিদ হোৱাতহে এতিয়া দেশজুৰি সেনাকে ধৰি বিভিন্ন সুৰক্ষাবাহিনীত নিয়োজিত হৈ থকা বিশেষ ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰবোৰৰ ত্যাগৰ কথা পোহৰলৈ আহিছে, চৰ্চা হৈছে। জুমৰ ত্যাগৰ বাবেই লস্কৰ-ই-তৈবাৰ এই দুধৰ্ষ কেডাৰ দুটা নিহত হ'ল।

কেৱল জুমেই নহয়, যোৱা ৩০ জুলাইত সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত এক্সেল নামৰ আন এটা বিশেষ ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। এক্সেলো সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হৈছিল। মৰণোত্তৰ ভাৱে এক্সললৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সেনা বাহিনীয়ে আগবঢ়াইছি বীৰত্বৰ বঁটা। এক্সৰল দৰে জুমেও লাভ কৰিব বীৰত্বৰ বঁটা। মৰোণোত্তৰ ভাৱে লাভ কৰা জুমৰ সেয়াই হ'ব স্বীকৃতি।

indian army ZOOM