টি-২০ বিশ্বকাপঃ জিম্বাবুয়েৰ হাতত পৰাস্ত পাকিস্তান...

বাবৰ আজম বাহিনীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১২৯ ৰানতে থমকি পৰাজয়বৰণ কৰে
PAK VS ZIM
PAK VS ZIM

ডিজিটেল ডেস্কঃ ক্ৰিকেট অনিশ্চিয়তাৰ খেল। টি-২০ বিশ্বকাপৰ মঞ্চ তাকে প্ৰমাণ কৰিলে ক্ৰিকেটৰ শিশু জিম্বাবুয়ে। টি-২০ বিশ্বকাপৰ বৃহস্পতিবাৰে অনুষ্ঠিত লীগ পৰ্যায়ৰ এখন মেচত শক্তিশালী পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি জিম্বাবুয়ে প্ৰমাণ কৰিলে যে ক্ৰিকেট অনিশ্চিয়তাৰ খেল।

টছত জিম্বাবুয়ে জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত দলটোৱে পাকিস্তানক জয়ৰ বাবে ১৩১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। কিন্তু পাকিস্তানে বেটিং ব্যৰ্থতাৰ ফলত জয়ৰ লক্ষ্য উপনীত হোৱাৰ পৰা বঞ্চিত হৈ পৰাজয় স্বীকাৰ কৰে। বাবৰ আজম বাহিনীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১২৯ ৰানতে থমকি পৰাজয়বৰণ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানে ভাৰতৰ হাততো পৰাজিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in