জিকিৰ-জাৰী সংৰক্ষণৰ ঘোষণাক আদৰণি সদৌ অসম গৰিয়া পৰিষদৰ

সমান্তৰালকৈ ২০১৬ চনৰ পৰা বন্ধ হৈ থকা আজান ফকীৰ বঁটা পুনৰ চৰকাৰে প্ৰদান কৰিবলৈ দাবী জনাই সদৌ অসম গৰিয়া পৰিষদে। প্ৰতি তিনি বছৰৰ মূৰে মূৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা ব্যক্তিত্বক এই বঁটা প্ৰদান কৰি আহিছিল পূূৰ্বৰ চৰকাৰসমূহে। 

author-image
Asomiya Pratidin
New Update
cvxvx

ডিজিটেল সংবাদ,হাজোঃ  অসমৰ লোক সংস্কৃতিৰ অন্যতম জিকিৰ-জাৰী গীতসমূহ সংৰক্ষণৰ বাবে কেবিনেটত ঘোষণা কৰাৰ পদক্ষেপক আদৰণি জনাইছে সদৌ অসম গৰিয়া পৰিষদে। এই ঘোষণা শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়। 

Advertisment

সমান্তৰালকৈ ২০১৬ চনৰ পৰা বন্ধ হৈ থকা আজান ফকীৰ বঁটা পুনৰ চৰকাৰে প্ৰদান কৰিবলৈ দাবী জনাই গৰিয়া পৰিষদে। প্ৰতি তিনি বছৰৰ মূৰে মূৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা ব্যক্তিত্বক এই বঁটা প্ৰদান কৰি আহিছিল পূূৰ্বৰ চৰকাৰসমূহে। 

তদুপৰি জিকিৰ-জাৰী গীতৰ শিল্পীসকলক অন্য লোক সংগীতৰ শিল্পীসকলৰ সম মৰ্যদা দি চৰকাৰে শিল্পী পেঞ্চন দিবলৈ দাবী জনাই সদৌ অসম গৰিয়া পৰিষদে। পিছে  গৰিয়া পৰিষদৰ দাবীসমূহক চৰকাৰে কি ধৰণে গুৰুত্ব প্ৰদান কৰে সেয়াহে হ'ব লক্ষণীয়। 

জিকিৰ-জাৰী