পথ দুৰ্ঘটনাত প্ৰাণ গ’ল যুৱ ছাত্ৰ পৰিষদৰ সক্ৰিয় কৰ্মীৰ...

সন্ধিয়া গোগামুখৰ শনি মন্দিৰ সমীপত মটৰ চাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় তেওঁ। অৱশ্যে ততাতৈয়াকৈ হাস্পতাল নিয়ে যদিও নিষ্ঠুৰ নিয়তিৰ ...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল যুৱ ছাত্ৰ পৰিষদৰ সংক্ৰিয় কৰ্মীৰ

ডিজিটেল সংবাদ, গোগামুখ : মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত অকালতে মৃত্যুবৰণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ এগৰাকী নিষ্ঠাৱান কৰ্মীয়ে। নিহত লোকজনৰ নাম বাবা দত্ত। 

Advertisment

জানিব পৰা মতে সন্ধিয়া গোগামুখৰ শনি মন্দিৰ সমীপত মটৰ চাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় তেওঁ। অৱশ্যে ততাতৈয়াকৈ হাস্পতাল নিয়ে যদিও নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানে বাবা দত্তই। ইয়াৰ পাছতে বৰদলনি মিছামাৰীৰ নিজ বাসগৃহত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

ইফালে বুধবাৰে সতীৰ্থসকলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোগামুখস্থিত কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, গোগামুখ আঞ্চলিক সমিতিৰ বিত্ত সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি দীৰ্ঘদিন ধৰি সংগঠনটোক নেতৃত্ব দি আহিছিল বাবা দত্তই। তেনে এগৰাকী সক্ৰিয় কৰ্মীৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰে সমগ্ৰ গোগামুখ।

gogamukh