প্ৰয়াত পৱন কুমাৰ নাথৰ স্মৃতিত কিৰণ বড়োলৈ ২০২৫বৰ্ষৰ 'যুৱ ব্যৱসায়ী বটাঁ'...

প্ৰতিবছৰৰ দৰে এইবাৰো সৃষ্টি ইন্টাৰনেচনেল ছচাইটিয়ে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ তথা উদ্যোগপতি প্ৰয়াত পৱন কুমাৰ নাথৰ ওপজা দিনটোত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে 'যুৱ ব্যৱসায়ী বটাঁ'।

author-image
Asomiya Pratidin
New Update
যুৱ ব্যৱসায়ী বটাঁ

যুৱ ব্যৱসায়ী বটাঁ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰতিবছৰৰ দৰে এইবাৰো সৃষ্টি ইন্টাৰনেচনেল ছচাইটিয়ে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ তথা উদ্যোগপতি প্ৰয়াত পৱন কুমাৰ নাথৰ ওপজা দিনটোত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে 'যুৱ ব্যৱসায়ী বটাঁ'। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২৫বৰ্ষৰ যুৱ ব্যৱসায়ী বটাঁ আগবঢ়োৱা হয় হস্ততাঁত, বস্ত্ৰ উদ্যোগী তথা ফেশ্বন ডিজাইনাৰ শ্ৰীমতী কিৰণ বড়োলৈ। 

Advertisment
প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান
প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান 

 দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটি বিশিষ্টা কন্ঠশিল্পী ড০ মৌচুমী চহৰীয়াৰ এটি বৈদিক শ্লোকেৰে শুভাৰম্ভণি কৰে । আনুষ্ঠানটি আঁত ধৰি আগুৱাই নিয়ে জনপ্ৰিয় ঘোষিকা মনালিছা দাসে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্টা ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ চৌধুৰী, বিশিষ্ট সাংবাদিক দেৱজিত ভূঞা, গৌতম শৰ্মাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিৰীক্ষক বীৰেন দাস।

আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে এই বৰ্ষ বটাঁপ্ৰাপক কিৰণ বড়োক বটাঁ প্ৰদান কৰি তেখেতৰ উত্তৰোত্তৰ কামনাঁ কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।  অনুষ্ঠানটিত সৃষ্টি ইন্টাৰনেটল ছচাইটি আৰু পৰিয়ালবৰ্গৰ হৈ মীনাক্ষী নাথ চহৰীয়াই উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত পৱন কুমাৰ নাথৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁলোকে গ্ৰহণ কৰা বিভিন্ন প্ৰদক্ষেপৰ কথা ব্যক্ত কৰে।

প্ৰেছ ক্লাৱ
প্ৰেছ ক্লাৱ Photograph: (প্ৰেছ ক্লাৱ)

 

অনুষ্ঠাটিত বিশিষ্টা ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই কয় যে, এনে অনুষ্ঠান তথা বটাঁই সমাজৰ যুৱ ব্যৱসায়ীসকলক সাহস প্ৰদান কৰাৰ লগতে দায়ৱদ্ধতাও বৃদ্ধি কৰাত সহায় কৰে। অন্য ক্ষেত্ৰৰ সমান্তৰালভাৱে যাতে ব্যৱসায়িক ক্ষেত্ৰখনত কাম কৰি থকা সকলেও উচিত স্বীকৃতি পায়, তাৰ বাবে সৃষ্টি ইন্টাৰনেটল ছচাইটিৰ প্ৰদক্ষেপৰ শলাগ লয় সাহিত্যিকগৰাকীয়ে।

আনহাতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ চৌধুৰীয়ে তেওঁ আৰু পৱন কুমাৰ নাথৰ সম্পৰ্কৰ কথা সুৱঁৰি আৱেগিক হৈ পৰে। সহপাঠী পৱন কুমাৰ নাথৰ ব্যক্তিত্বৰ সন্দৰ্ভতো নিজৰ ব্যক্তব্যত উল্লেখ কৰি নষ্টালজিক হৈ পৰে চৌধুৰী। অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট সাংবাদিক দেৱজিত ভূঞা, গৌতম শৰ্মাইও পৰিয়ালটোৰ এই প্ৰদক্ষেপক উচ্চ প্ৰশংসা কৰাৰ লগতে ইয়াৰ আৰু অধিক প্ৰসাৰতা কামনা কৰে।

প্ৰেছ ক্লাৱ.
প্ৰেছ ক্লাৱ. Photograph: (প্ৰেছ ক্লাৱ.)

 

উল্লেখ কৰা প্ৰয়োজন যে, ২০২০চনৰ পৰাই প্ৰতিবছৰে সৃষ্টি ইন্টাৰনেটল ছচাইটিয়ে প্ৰদান কৰি আহিছে এই যুৱ ব্যৱসায়ী বটাঁ। সাম্প্ৰতিক সময়ত সমাজত দেখা দিয়া কৰ্মবিমুখীতাৰ বিপৰীতে নিজস্ব প্ৰচেষ্টা আৰু ঐকান্তিকতাৰে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলি আন দহজনক উ  ৎসাহিত কৰাজনক এই বটাঁৰ বাবে বাচনি কৰা হয়। ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰয়াত পৱন কুমাৰ নাথৰ চিন্তা আৰু সপোনক জীয়াই ৰখাৰ মানসেৰে পৰিয়ালবৰ্গই এই অনুষ্ঠানটি প্ৰতিবছৰে আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে।

বঁটা প্ৰদান অনুষ্ঠান