/asomiyapratidin/media/media_files/2025/01/20/QYy1SGJELlODuJ4calhW.jpg)
বাসুগাঁৱত ডাম্পাৰৰ মালিকৰ আক্ৰমণ
ডিজিটেল সংবাদ, চিৰাং : দেওবাৰে নিশা বাসুগাঁও চহৰৰ মুখ্য পথত শিল বালি কঢ়িয়াই নিয়া ডাম্পাৰ চালক আৰু ডাম্পাৰ মালিকৰ সৈতে স্থানীয় এটা যুৱকৰ দলৰ সৈতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। ডাম্পাৰৰ চালক আৰু মালিকৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে হয় চাৰিজন স্থানীয় যুৱক ।
ইয়াৰে বৃন্দাবন ৰায় (৩৩) নামৰ এজন যুৱকক মুৰত আঘাত গুৰুতৰ হোৱাত সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হৈছে । ঘটনা সন্দৰ্ভত প্ৰাপ্ত খবৰ অনুসৰি পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ চিৰাং জিলাৰ পৰা পৰা বাসুগাঁও চহৰত নিশা ১০-০০ বজাৰ আগলৈকে গধুৰ যান-বাহনৰ লগতে ডাম্পাৰৰ চলাচল নিষিদ্ধ কৰা হৈছিল।
তাৰ মাজতেই একাংশ ডাম্পাৰৰ মালিকে জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা উলঙ্ঘন কৰি কেতিয়াবা দিনৰ ভাগত আৰু সন্ধিয়াৰ পৰাই শিল বালি কঢ়িওৱা ডাম্পাৰৰ চলাচল কৰা দেখি সচেতন ৰাইজে ইয়াৰ তীব্ৰ বিৰোধীতা কৰে। কিন্তু ৰাইজৰ এই বিৰোধীতাক আওকাণ কৰি একাংশ ডাম্পাৰৰ মালিকে আৰক্ষীৰ চকুৰ সন্মুখে দি ডাম্পাৰ চলাচল অব্যাহত ৰাখিছিল।
অভিযোগ অনুসৰি দেওবাৰে নিশা জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা উলঙ্ঘন কৰি শিল বালি কঢ়িয়াই ডাম্পাৰ বাসুগাঁও চহৰত প্ৰৱেশ কৰাৰ সময়ত বাসুগাঁও কলেজ ৰোডৰ সন্মুখত একাংশ যুৱকে বাধা প্ৰদান কৰি ডাম্পাৰ কেইখন পথৰ ওপৰত আবদ্ধ কৰি ৰাখে । ইয়াকে লৈ ডাম্পাৰ চালক আৰু যুৱকৰ দলৰ সৈতে প্ৰথমে বাকবিতণ্ডা আৰম্ভ হয় ।
ডাম্পাৰ আবদ্ধ কৰি ৰখাৰ খবৰ লাভ কৰি ডাম্পাৰৰ মালিক তছেৰ আলী ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱক কেইজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় । তাৰ পিছতে তছেৰ আলী আৰু ডাম্পাৰৰ চালকসকলে যুৱকৰ দলটোৰ ওপৰত আক্ৰমণ কৰে। আক্ৰমণত কম বেছি পৰিমানে কেইবাজনো যুৱক আহত হয় যদিও বৃন্দাবন ৰায় নামৰ যুৱক এজনৰ মুৰত লো জাতীয় সামগ্ৰীৰে মুৰত প্ৰচণ্ড আঘাত কৰাত বৃন্দাবন ৰায় নামৰ যুৱক জন গুৰুতৰভাবে আহত হয়।
ইপিনে আক্ৰমণ কৰিয়ে ডাম্পাৰৰ মালিক তছেৰ আলী সহ চালকৰ দলটো তাৰ পৰা পলায়ন কৰে । পিছত স্থানীয় লোকৰ সহযোগত আহত বৃন্দাবন ৰায়ক বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যায়। তাতে যুৱকজনত মুৰত ১৩ টা চিলাই দি উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে ।
ইপিনে এই চৰকাৰী নিষেধাজ্ঞা উলঙ্ঘন আৰু মাৰপিটৰ ঘটনাক লৈ মাজনিশালৈকে বাসুগাঁও থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বাধা প্ৰদান কৰা যুৱকৰ দলটোৰ পৰা ডাম্পাৰৰ মালিক তছেৰ আলীৰ বিৰুদ্ধে বাসুগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
এজাহাৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে ডাম্পাৰৰ মালিক তছেৰ আলীক গ্ৰেপ্তাৰ কৰে। দেওবাৰ নিশাৰ জিলা প্ৰশাসনৰ নিষেধাজ্ঞা অৱমাননা কৰাক কেন্দ্ৰ উদ্ভৱ হোৱা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি বাসুগাঁৱত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।