যুৱ কবি জিৎ জ্যোতি পাটগিৰিৰ কবিতা সংকলনৰ শ্ৰব্য চিডি উম্মোচন

উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী নৰ্মদা দাসে
জিৎ জ্যোতি পাটগিৰিৰ কবিতা সংকলনৰ শ্ৰব্য চিডি উম্মোচন
জিৎ জ্যোতি পাটগিৰিৰ কবিতা সংকলনৰ শ্ৰব্য চিডি উম্মোচন

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁৱৰ যুৱ কবি-সাহিত্যিক জিৎ জ্যোতি পাটগিৰিৰ কবিতাৰ শ্ৰব্য চি ডি বৃহস্পতি বাৰে উন্মোচন কৰা হয় । বাসুগাঁও চহৰৰ ৰাজাচাৰাং এলেকাৰ ঐতিহাসিক শ্ৰীশ্ৰীৰাজাঠাকুৰ দৌল দেৱালয় প্ৰাংগণত চিৰাং জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক উপেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰব্য চি ডিখন উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী তথা চি ডিৰ আবৃত্তিকাৰ নৰ্মদা দাসে ।

উন্মোচক দাসে ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে যুৱ কবি-সাহিত্যিক জিৎ জ্যোতি পাটগিৰিয়ে তাৰ কবিতাত সুন্দৰ শব্দ গাঁথনি প্ৰয়োগ কৰি কবিতাৰ ভাৱ স্পষ্ট ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । এনেধৰনৰ নতুন নতুন কবিতা তথা সাহিত্য সৃষ্টিৰে আগুৱাই যাবলৈ আহ্বান জনায় ।

অনুষ্ঠানটিত বিশিষ্ট কবি-সাহিত্যিক, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ অমৃত পাটগিৰি, কবি-সাহিত্যিক বঙাইগাঁও নিৱাসী শকুন্তলা চৌধুৰী, কবি-সাহিত্যিক, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক হিতৰাম ভৰালী, অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন ৰায়, সাংবাদিক জয়ন্ত দেৱনাথ আদিয়ে কবি জিৎ জ্যোতি পাটগিৰিৰ জ্ঞান-গৰিমাৰ কথা উল্লেখ কৰি আগুৱাই যাবলৈ আহ্বান জনাই উৎসাহ -উদ্দীপনা যোগাই বক্তব্য দাঙি ধৰে ।

অনুষ্ঠানটিত নবীন কবি-শিল্পী জ্ঞানদ্বীপ চৌধুৰীয়ে এটি মনোগ্ৰাহীকৈ কবিতা আবৃত্তি কৰে । সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক ভৃগু মুনি ৰায়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in