হাটশিঙিমাৰী মহাবিদ্যালয়ত তিনিদিনীয়া যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ সম্পন্ন

হাটশিঙিমাৰী মহাবিদ্যালয়ত ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভৱিষ্যৎ যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
xsghdfhwgs

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰী মহাবিদ্যালয়ত ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভৱিষ্যৎ যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। ধুবুৰী মেৰা যুৱ ভাৰত আৰু হাটশিঙিমাৰী এন এছ এছ গোটৰ যৌথ উদ্যোগত অনুষ্ঠিত তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ আজি সফলভাৱে সম্পন্ন কৰা হয়। দেশত ভৱিষ্যৎ যুৱ নেতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা নেতৃত্ব বিকাশমূলক প্ৰশিক্ষণ শিবিৰৰ অন্তত আজি প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়।

মানপত্ৰ বিতৰণ উপলক্ষে মহাবিদ্যালয় সভাকক্ষত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাস মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ছাহেৰ আলী, পৰিচালনা সমিতিৰ সভাপতি মোবাৰক আলী শেখ, হাটশিঙিমাৰী এন এছ এছ গোটৰ কাৰ্যবাহী বিষয়া ড০ আব্দুল কৰিম শেখ আৰু ধুবুৰী মেৰা যুৱ ভাৰতৰ আহ্বায়ক মুজাফ্ফৰ হুছেইন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণৰ মানপত্ৰসমূহ বিতৰণ কৰে।

হাটশিঙিমাৰী