/asomiyapratidin/media/media_files/2025/07/24/ap-for-web-lodge-2025-07-24-18-33-56.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপৰা আৰক্ষীয়ে বুধবাৰে নিশা ফ্লাই অ’ভাৰ ল’জৰ পৰা দুই যুৱক আৰু সমসংখ্যক যুৱতীক উদ্ধাৰ কৰে ৷ লগতে আৰক্ষীয়ে দুয়োকে থানালৈ লৈ যায় ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, উক্ত ফ্লাই অ’ভাৰ ল’জত দীৰ্ঘদিনৰ পৰা অনৈতিক কাৰ্য্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ ল’জখনত চলি থকা এনে অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে নিশা অভিযান চলায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
অভিযানৰ সময়তে ল’জখনৰ দুটা কোঠালিৰ পৰা দুজন যুৱক আৰু দুগৰাকী যুৱতীক উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে ৷ নিশা ল’জখনত উদ্ধাৰ হোৱা যুৱক- যুৱতীৰ কোনো পৰিচয় পত্ৰ নোলোৱাকৈ ল’জত থকাৰ ব্যৱস্থা কৰি দিছিল ল’জৰ মালিকে ৷
তাৰোপৰি ল’জখনৰ ৰেজিষ্টাৰ বহীত কোনো ধৰণৰ নাম ঠিকনা লিপিবদ্ধ নকৰাকৈ থাকিবলৈ দিছিল যুৱক- যুৱতীহালক ৷ ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰঙাপৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ৰঙাপৰাৰ একাংশ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে অতিশীঘ্ৰে ল’জৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। একেদৰে প্ৰশাসনক উক্ত ল’জখন বন্ধ কৰি দিবলৈ আহ্বান জনাইছে ৷