আৰক্ষীৰ বৰ্বৰতাঃ তালাচীৰ নামত যুৱকক প্ৰহাৰ

পৰ্বতঝোৰাত আৰক্ষীয়ে প্ৰহাৰ কৰা ফলত যুৱক জন হাত আৰু শৰীৰৰ কেবাটাও স্থানত আঘাত পায়। পিছত যুৱক জনক গৌৰীপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
dg

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত আৰক্ষীৰ বৰ্বৰতা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কাজিগাঁও আৰক্ষীয়ে বাহনৰ তালাচী চলাই থকাৰ সময়তে পানবাৰী অভিমুখী এখন বাইকত আহি থকা দুই যুৱকৰ এজনৰ হেলমেট নথকা বাবে ৰখিবলৈ ইংগিত দিয়ে।

Advertisment

বাইক চালকজনে বাহনখন ৰখোৱাৰ পাছতে আৰক্ষীয়ে চালকজনক মুখত প্ৰহাৰ কৰে। ফলত যুৱক জনৰ দাঁত ভঙাৰ লগতে বাইকৰ পৰা পৰি যায়। বাইকত কিছু দূৰৈত ৰখাৰ অভিযোগতে আৰক্ষীয়ে যুৱকজনক এনেদৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে আৰক্ষীয়ে প্ৰহাৰ কৰা ফলত যুৱক জন হাত আৰু শৰীৰৰ কেবাটাও স্থানত আঘাত পায়। পিছত যুৱক জনক গৌৰীপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰ বলত বলিয়ান হৈ আৰক্ষীয়ে ফাইনৰ নামত একাংশ লোকৰ ওপৰত গুণ্ডাৰাজ চলাইছে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে?

পৰ্বতঝোৰা