
ডিজিটেল সংবাদ, মঙলদৈঃ ছমাহ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী যুৱকৰ নাই কোনো শুংসূত্ৰ। পুত্ৰক বিচাৰি অনাই-বনাই ঘূৰি ফুৰিছে এগৰাকী মাতৃ। এই ঘটনা সংঘটিত হৈছে মঙলদৈত ।
৬ মাহ ধৰি মঙলদৈৰ এজন যুৱক নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থকা যুৱক জনৰ নাম জগাই দাস(২৫) । মঙলদৈ চহৰৰ নিকতৱৰ্তী গেৰিমাৰীৰ গাঁৱৰ নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা ল'ৰা জগাই দাসক বিচাৰি এতিয়া তেওঁৰ মাতৃ অনাই বনাই ঘূৰি ফুৰিছে।
উল্লেখ্য যে, মঙলদৈ সদৰ থানাত জগাই দাসৰ মাতৃয়ে ছমাহ পূৰ্বে নিজ পুত্ৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতো আজি পৰ্যন্ত জগাই দাস নামৰ যুৱক জনৰ কোনো সন্ধান উলিয়াব পৰা নাই মঙলদৈ আৰক্ষীয়ে।
সেয়েহে এতিয়া জগাই দাসৰ অসহায় মাতৃ কাষ চাপিছে সংবাদ মাধ্যমৰ। এই দুৰ্ভগীয়া মাতৃগৰাকীৰ কৰুণ আহ্বান, কোনো সদাশয় ব্যক্তিয়ে যদি তেওঁৰ পুত্ৰক প্ৰত্যক্ষ কৰিছে তেন্তে অনুগ্ৰহ কৰি তেওঁক জনাওক। সেয়েহে কোনো লোকে নিৰুদ্দিষ্ট জগাই দাসৰ সন্ধান লাভ কৰিলে আৰক্ষীক লগতে সংবাদ মাধ্যমৰ জৰিয়তে হ'লেও অৱগত কৰিব পাৰিব।