/asomiyapratidin/media/media_files/2024/12/11/ajbObu1le9ONVklGvTQj.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অন্তৰ্গত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসন আৰু ৰুণীখাতা মহাবিদ্যালয়ৰ এনএছএছ ৰ সহযোগত বুধবাৰে ৰুণীখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা পৰ্যায়ৰ যুৱ উৎসৱ-২০২৪ অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন কৰি যুৱ উৎসৱৰ উদ্বোধন কৰে জিলা আয়ুক্ত যতীন বৰাই । লগতে উপস্থিত থাকে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্ম সহ অন্যান্য আমন্ত্ৰিত অতিথি।
যুৱ উৎসৱৰ কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি যুৱ চিত্ৰ শিল্পী সকলৰ চিত্ৰাংকন, কবিতা ৰচনা, মোৱাইল ফটোগ্ৰাফী, আকস্মিক বক্তৃতা, নৃত্য-গীতৰ দলীয় আৰু একক ভাবে প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হয় । তদুপৰি যুৱ বিজ্ঞানী সকলৰ দ্বাৰা উদ্ভাৱন কৰা বিভিন্ন বিজ্ঞান সামগ্ৰীৰ প্ৰদৰ্শনী মেলাৰো আয়োজন কৰা হয় ।
আজিৰ এই যুৱ উৎসৱৰ লক্ষ্য সন্দৰ্ভত চিৰাং জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক আতাউৰ ৰহমানে কয় যে জিলাখনৰ যুৱ সকলক একেটা মঞ্চত আনি একত্ৰিত কৰি এক সাংস্কৃতিক পৰিৱেশৰ মাজেদি বিভিন্ন শিতানত একক আৰু দলগত প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ সৃষ্টিশীলতা প্ৰকাশ কৰাৰ এক মঞ্চ প্ৰদান কৰা হ’ল অনুষ্ঠানটোৰ মূল লক্ষ্য।
এনেধৰনৰ অনুষ্ঠানৰ মাজেদি যুৱ প্ৰজন্মই প্ৰেৰণাদায়ক পৰিৱেশত নিজৰ দক্ষতা বিকাশ কৰাৰ এক সুৱৰ্ণ সুযোগ লাভ কৰে। আজিৰ এই যুৱ উৎসৱত চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা যোগদান কৰা যুৱ প্ৰতিভা সকলে বিভিন্ন শিতানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে ।