/asomiyapratidin/media/media_files/2025/07/08/340-2025-07-08-21-26-05.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : কৃষক ৰাইজৰ সুবিধাৰ্থে চৰকাৰী অন্য এক উল্লেখযোগ্য পদক্ষেপ হ'ল কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মা। কামৰূপ জিলাৰ কৃষকসকলেও বিভিন্ন সময়ত আত্মাৰ তৰফৰ পৰা বীজকে ধৰি অন্যান্য সা-সুবিধাৰ লগতে সময়ে সময়ে বিভিন্ন বিষয়ৰ প্ৰশিক্ষণো লাভ কৰি আহিছে।
মঙলবাৰে কামৰূপ জিলা আত্মাৰ প্ৰকল্প সঞ্চালক তথা জিলা কৃষি বিষয়া মানৱজ্যোতি দাস আৰু ৰাজ্যিক কৃষি ব্যৱস্থাপনা ও সম্প্ৰসাৰণ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞাই কামৰূপ জিলাৰ বকো অঞ্চলৰ দাড়ি গাঁৱৰ উদীয়মান যুৱ কৃষক প্ৰসন্নজিৎ বড়োৰ তেনে এক ক্ষেত্ৰ পৰিদৰ্শন কৰি অভিভূত হয়। আগন্তুক সময়তো কৃষকগৰাকীক এনেদৰেই কৃষি খণ্ডলৈ অৱদান আগবঢ়াই যাবলৈ অনুপ্ৰাণিত কৰাৰ লগতে বিভাগীয় বিভিন্ন সা-সুবিধা আগবঢ়াই যোৱাৰ আশ্বাসো বিষয়া দুগৰাকীয়ে প্ৰদান কৰে।
উল্লেখযোগ্য যে, আত্মাৰ তৰফৰ পৰা লাভ কৰা বীজেৰে প্ৰসন্নজিৎ বড়োৱে প্ৰায় ষোল্ল বিঘা মাটিত ৰেড লেডী জাতৰ অমিতাৰ খেতি কৰিছে। এইক্ষেত্ৰত তেখেতে উত্তৰ-পূৰ্ব আৰু হিমালয়ৰ ৰাজ্যসমূহৰ উদ্যান শস্য আচঁনি আৰু প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ি যোজনাৰ জৰিয়তে ক্ৰমে মালচিং পেপাৰ তথা ড্ৰীপ জলসিঞ্চনৰ সুবিধা লাভ কৰিছে।
ইয়াৰোপৰি বিষয়া দুগৰাকীয়ে বকোৰ মৌমন গাঁৱৰ মৌমন তৈল্য খেজুৰ কৃষক গোটৰ কৃষকসকলৰ লগতো আলোচনাত মিলিত হয়। বিশেষকৈ তৈল্য খেজুৰৰ উৎপাদন তথা বিক্ৰীৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সম্পৰ্কত বুজ লয়। কৃষি বিভাগৰ দুয়োগৰাকী উচ্চ পদস্থ বিষয়াৰ উপস্থিতিয়ে তৈল্য খেজুৰৰ কৃষকসকলকো উৎসাহ প্ৰদান কৰে।