/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ, শিলচৰ: কাছাৰৰ উদাৰবন্দ সমষ্টিৰ মধুৰাত মৰ্মান্তিক ঘটনা। ৫ জন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ দুজন যুৱকৰ সলিল সমাধি ঘটে। মধুৰাৰ দয়াদিছাত থকা এটি খৰস্ৰোতা নিজৰাত গা ধুই ফুৰ্তি কৰি আছিল যুৱক কেইজনে।
গা ধুই থাকোতে হঠাতে নাৰু দত্ত আৰু ৰাজদীপ দাস নামৰ যুৱক দুজনৰ ভৰি পিছলি পানীত ডুব যায়। পিচত এজনৰ মৃতদেহ উদ্ধাৰ হয় যদিও আনজন যুৱকৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।
ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ উপস্থিত হৈ সন্ধানহীন যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। দুয়ো জন যুৱকৰ ঘৰ শিলচৰৰ কনকপুৰত বুলি জানিব পৰা গৈছে।