/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ গৌৰীসাগৰৰ এটা নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে মৃত্যু হয় এজন যুৱকৰ । অ'ভাৰ কম ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় উক্ত ঘটনা ।
নিহত যুৱকজনৰ নাম পলাশ চেতিয়া। ২৫ বছৰীয়া পলাশৰ ঘৰ আছিল শিৱসাগৰৰ বেতবাৰীত। এতিয়ালৈ স্পষ্ট হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
যুৱক জনক প্ৰগতি হস্পিটাললৈ নিয়া হৈছিল যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।