New Update
/asomiyapratidin/media/media_files/2025/02/21/Hd5ymDdatEBkl6LKyAHO.jpg)
মানকাচৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ এজাহাৰ দাখিল
- মানকাচৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে এজাহাৰ দাখিল কৰে।
- সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছীৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া।
- বৃহস্পতিবাৰে জিলা কংগ্ৰেছে মানকাচৰত মুখ্যমন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জিলা যুৱ কংগ্ৰেছে এজাহাৰ দাখিল কৰে।
- যুৱ কংগ্ৰেছৰ দাবী- গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰতিনিধি, ৰাইজক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
- সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে বুলি যুৱ কংগ্ৰেছে দাবী তুলিছে।
- মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰালৈ যুৱ কংগ্ৰেছীসকলে প্ৰতিখন জিলা, প্ৰতিটো ব্লক এলেকাত ধাৰাবাহিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে।
- উল্লেখযোগ্য যে জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয়।