Advertisment

কলিয়াবৰৰ ৰাঙলুত অঘটন, চুৰিৰ আঘাতত আহত যুৱক...

যাত্ৰীবাহী নৈশবাছ ত্ৰিশূলৰ চালক-হেণ্ডিমেনে চুৰিৰে আঘাত কৰি আহত কৰে এজন যুৱকক । উক্ত ঘটনাত গুৰুতৰভাবে আহত হয় কলিয়াবৰৰ চুলেমান হুছেইন নামৰ যুৱকজন।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ ৰাঙলুত মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হয় । যাত্ৰীবাহী নৈশবাছ ত্ৰিশূলৰ চালক-হেণ্ডিমেনে চুৰিৰে আঘাত কৰি আহত কৰে এজন যুৱকক । উক্ত ঘটনাত গুৰুতৰভাবে আহত হয় কলিয়াবৰৰ চুলেমান হুছেইন নামৰ যুৱকজন।

Advertisment

জানিব পৰা মতে গুৱাহাটীৰ পৰা উজনি অসম অভিমুখী ত্ৰিশূল নামৰ যাত্ৰীবাহী নৈশ বাছখনত গাড়ী ভাড়াক লৈ কথা কটা-কটি হৈছিল গাড়ীখনৰ যাত্ৰী মুকেশ কুমাৰ শ্বাহৰ লগত। কলিয়াবৰৰ জখলাবন্ধা থানাৰ অন্তৰ্গত ৰাঙলু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত গাড়ীখন ৰখাই যাত্ৰীজনক বাছৰ পৰা নমাই দুয়োপক্ষই তৰ্কা-তৰ্কিত লিপ্ত হয় আৰু যাত্ৰী মুকেশক চালক-হেণ্ডিমেনে প্ৰহাৰ কৰিবলৈ উদ্যত হয়।

সেইসময়তে  পিছফালৰ পৰা আন এখন গাড়ী চলাই যোৱা চুলেমান হুছেইন নামৰ যুৱকজনে বাধা প্ৰদান কৰাত গাড়ীখনৰ চালক-হেণ্ডিমেনে যুৱকজনক চুৰিৰে আঘাত কৰে। পিঠিৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হোৱাত জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ চুলেমানক অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

সম্প্ৰতি যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে জখলাবন্ধা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি গাড়ীখন কুঠৰীত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

কলিয়াবৰ