/asomiyapratidin/media/media_files/2025/04/27/nFZrF6dabDCitpviySI1.jpg)
ডিজিটেল সংবাদ, নগাঁও : শনিবাৰে নিশা নগাঁও চহৰৰ ৰাজপথত ষ্টাণ্ট কৰি আটক হৈছে এজন যুৱক । চাৰিচকীয়া বাহনেৰে নিশা ষ্টান্ট কৰি আটক হোৱা যুৱকজনৰ নাম হৈছে মুকাদ্দিজ আলম । ২৮ বছৰীয়া মুকাদ্দিজৰ ঘৰ জুৰীয়াৰ পশ্চিম মুকুন্দআটিত ।
জানিব পৰা মতে মুকাদ্দিজ আলমে এ এছ ০১ ই ইউ ৩৬১২ নম্বৰৰ বিলাসী বাহন লৈ ষ্টান্ট কৰিছিল । এম জি হেক্টৰ বাহন লৈ নগাঁও ক্লক টাৱাৰৰ কাষেৰে প্ৰচণ্ড বেগত ষ্টাণ্ট কৰোতে, সেই সময়ত উক্ত পথেৰে অহা আন বাহনসমূহ ৰৈ দিবলৈ বাধ্য হয় ।
তাৰে এজন লোকে সমগ্ৰ দৃশ্য ম’বাইত বন্দী কৰি পিছত আৰক্ষীক অৱগত কৰে । নগাঁও আৰক্ষীয়ে দেওবাৰে যুৱকজনক আটক কৰি বাহনখন জব্দ কৰে । পিছত যান -বাহন আইনৰ অধীনত জৰিমনা বিহি ভবিষ্যতে তেনে নকৰিবলৈ সকীয়নি দি আটকাধীন মুকাদ্দিজক এৰি দিয়ে ।