Advertisment

ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশংসিত প্ৰতিভা...

মধ্য অসমৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশংসিত হ'ল ভাৰতীয় প্ৰশাসনিক সেৱা আৰু অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা কেইবাগৰাকীও কীৰ্তিমান।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদঃ মধ্য অসমৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশংসিত হ'ল ভাৰতীয় প্ৰশাসনিক সেৱা আৰু অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা কেইবাগৰাকীও কীৰ্তিমান।

Advertisment

ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাগংণত নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নেদাৰলেণ্ড(হলেণ্ড)নিবাসী প্ৰবাসী অসমীয়া সৌৰভ মৰিকলঙীয়া দেৱক বিশিষ্ট অতিথি হিচাপে লৈ আয়োজিত এই অনুষ্ঠানটি বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা দেৱে আঁত ধৰে । নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্ৰী নিবাস ৰামানুজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰি সুনাম বুটলিলৈ সক্ষম হোৱা  ডা: আৰাধনা মহন্ত (কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত সংযুক্ত চিকিৎসা সেৱা পৰীক্ষাত নৱম স্থান) জিণ্টু বৰা (অসম প্ৰশাসনিক সেৱা, একবিংশ স্থান),পাৰ্থ প্ৰতিম বৰা (অসম বিত্ত সেৱা, প্ৰথম স্থান),জিতজ্যোতি কলিতা(কৰ পৰিদৰ্শক, প্ৰথম স্থান),প্ৰস্তুতি ভট্টাচাৰ্য্য,(সহকাৰী গাণনিক বিষয়া, তৃতীয় স্থান),নিকিতা শৰ্মা (সহকাৰী গাণনিক বিষয়া, দ্বাদশ স্থান)ৰাজনীশ শৰ্মা (সহকাৰী গাণনিক বিষয়া, অষ্টাবিংশ স্থান),প্ৰিয়ংকা ৰাণী ৰয় (সহকাৰী গাণনিক বিষয়া, ঊনত্ৰিংশ স্থান),জিজ্ঞাস বৰা (সহকাৰী গাণনিক বিষয়া,  চৌষষ্ঠি সংখ্যক স্থান)ক এই অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰা হয় 

অনুষ্ঠানটিৰ বিশিষ্ট অতিথি নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহদেৱে কীৰ্তিমান সকলক অভিনন্দন জনাই ধৈৰ্য, একাগ্ৰতা আৰু অন্তৰ্মুখী প্ৰচেষ্টাৰে জীৱন যাত্ৰা পথত অধ্যৱসায়েৰে বাট লোৱা গৰাকীয়েহে সফল হ'ব পাৰে বুলি বক্তব্য প্ৰদান কৰি নতুন প্ৰজন্মক আগবঢ়ি আহিবলৈ আহ্বান জনায়।

সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা আৰু শ্ৰমক গুৰুত্ব দি ছাত্ৰ-ছাত্ৰী সকলক আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰি নিজৰ জাতি ভাষা আৰু সংস্কৃতিৰ প্ৰতি সততে সচেতন হ'বলৈ আহ্বান জনাই অনুষ্ঠানৰ বিশিষ্ট বক্তা নেদাৰলেণ্ড (হলেণ্ড) নিবাসী প্ৰবাসী অসমীয়া সৌৰভ মৰিকলঙীয়াই ।

ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিভাৱক স্বৰূপ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত বিপুল কুমাৰ বৰাদেৱকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত থাকে। কীৰ্তিমান সকলক অভিনন্দন জনাই নিজৰ অভিজ্ঞতাৰ পৰা বিভিন্ন অভিমত বিনিময় কৰি নষ্টালজিক হৈ পৰে শ্ৰীযুত বিপুল কুমাৰ বৰাদেৱ ।

কীৰ্তিমান সকলৰ অভিজ্ঞতা আৰু অনুভৱৰ বিনিময় তথা বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাৰ আতিথ্যৰে অনুষ্ঠানৰ সামৰণি পৰে।

এপিপিএছচি upsc