ৰংজালী বৈশাগুক আদৰাৰ আখৰাত ব্যস্ত ওৰাঙৰ যুৱক- যুৱতীসকল

পদুলি মুখত হেঁপাহৰ ৰঙালী ৷ ৰঙালীক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্য। পিছ পৰি ৰোৱা নাই বিটিআৰৰ বড়ো জনজাতিৰ লোক সকলো ।

author-image
Asomiya Pratidin
New Update
ৰংজালী বৈশাগুক আদৰাৰ আখৰাত ব্যস্ত

ডিজিটেল সংবাদ,ওৰাং : পদুলি মুখত হেঁপাহৰ ৰঙালী ৷ ৰঙালীক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্য। পিছ পৰি ৰোৱা নাই বিটিআৰৰ বড়ো জনজাতিৰ লোক সকলো ।

Advertisment

বড়ো জনজাতিৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ বাবে আখৰাত ব্যস্ত এতিয়া ওৰাঙৰ বড়ো জনজাতীয় যুৱক-যুৱতীসকল। খাম, চিফুং, চেৰজাৰ শব্দত মুখৰিত হৈছে সমগ্ৰ ওৰাং অঞ্চল।

নিখিল বড়ো ছাত্র সন্থাৰ ওৰাং আঞ্চলিক সমিতিৰ উদ্যোগত ১০ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে কৰ্মশালাৰ। কৰ্মশালাত অংশগ্রহণ কৰে অঞ্চলটোৰ প্রায় শতাধিক বড়ো জনজাতীয় যুৱক-যুৱতীয়ে। ওৰাং বড়ো সাহিত্য সভা ভৱনৰ প্ৰাংঙ্গনত ১০ দিনীয়াকৈ বাগুৰুম্বাৰ লগতে বিভিন্ন বড়ো নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে যুৱক-যুৱতীসকলক।

orang