/asomiyapratidin/media/media_files/2025/05/20/XOewY3Yw1p9oqefg5dPr.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : মঙলবাৰে ৰঙাপৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টেক্টৰ চোপাত থিতাতে নিহত হয় এজন যুৱক ৷
জানিব পৰা মতে, নিহত যুৱকজনৰ ঘৰ ৰঙাপৰা মইনাজুলিৰ চাহ বাগিচাৰ ১১ নং লাইনত ৷ টেক্টৰৰ চেপাত নিহত যুৱকজনৰ নাম আকাশিষ ওৰাং ৷
উল্লেখযোগ্য যে, পুৱা টেক্টৰত উঠি পথাৰত হালবাবলৈ যোৱা সময়তে যুৱকজনৰ ভৰি পিছল খায় টেক্টৰৰ চকাৰ তলত সোমাই পৰে ৷ টেক্টৰৰ চকা শৰীৰৰ ওপৰত উঠি যোৱাত যুৱকজন থিতাতে নিহত হয় ৷
পাছত ৰাইজে ১০৮ এম্বুলেন্সৰে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us