সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি আটক হ'ল এজন যুৱক

সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি আটক হ'ল সোণতলীৰ এজন যুৱক ৷ সোণতলী পথালিপাৰা গাঁৱৰ গাজিবৰ মাষ্টাৰৰ পুত্ৰ ছানিদুলে ইনষ্টাগ্ৰামত এটি বিতৰ্কিত পোষ্ট কৰাৰ বাবে সোণতলী আৰক্ষীৰ সহযোগত বকো আৰক্ষীয়ে আটক কৰে ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি আটক এজন যুৱক

সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি আটক এজন যুৱক

ডিজিটেল সংবাদ, সোণতলীঃ সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি আটক হ'ল সোণতলীৰ এজন যুৱক ৷ সোণতলী পথালিপাৰা গাঁৱৰ গাজিবৰ মাষ্টাৰৰ পুত্ৰ ছানিদুলে ইনষ্টাগ্ৰামত এটি বিতৰ্কিত পোষ্ট কৰাৰ বাবে সোণতলী আৰক্ষীৰ সহযোগত বকো আৰক্ষীয়ে আটক কৰে ৷
 
ছানিদুলে ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰা সেই বিশেষ ভিডিঅ'টোৰ জৰিয়তে আপত্তিজনক তথা সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলি অভিযোগ উঠিছে। সেই পোষ্টটোয়ে সমাজত বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্রীতিত আঘাত হানিব বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছিল ৷ আৰক্ষীয়ে ইতিমধ্যেই বিষয়টোৰ তদন্ত অব্যাহত ৰখাৰ লগতে ছানিদুলক জে'ল হাজতলৈ প্ৰেৰণ কৰিছে ৷

সোণতলী