ভুল চিকিৎসা! অকাল মৃত্যুক সাৱটিলে যুৱকে

বটদ্ৰৱাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ভুল চিকিৎসাৰ বাবে বটদ্ৰৱা বৰহিছা গাঁৱৰ শান্তনু বৰা নামৰ যুৱক জনৰ অকাল বিয়োগ ঘটাৰ অভিযোগ উত্থাপন হৈছে । 

author-image
Asomiya Pratidin
New Update
অকাল মৃত্যুক সাৱটিলে যুৱকে

অকাল মৃত্যুক সাৱটিলে যুৱকে

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  বটদ্ৰৱাত সংঘটিত হৈছে শোকাবহ ঘটনা। ভুল চিকিৎসাৰ বাবে বটদ্ৰৱা বৰহিছা গাঁৱৰ শান্তনু বৰা নামৰ যুৱকৰ অকাল বিয়োগ ঘটাৰ অভিযোগ উত্থাপন হৈছে । 

Advertisment

বিগত ২৭ এপ্ৰিলৰ মাজ নিশা বটদ্ৰৱাৰ কৰৈগুৰি (জামতল) সংযোগী পথত স্কুটি চলাই গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল যুৱকজন। পাছত স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিছিল। নগাঁৱৰ আদিত্য নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা প্ৰায় ১১ বজাত যুৱকজনৰ মৃত্যু হয়। ইফালে যুৱকজনৰ অকাল মৃত্যুৰ পাছত আদিত্য নাৰ্চিং হোম কৰ্তৃপক্ষক দোষাৰোপ কৰিছে পৰিয়ালৰ সদস্যই। নাৰ্চিং হোমৰ ভুল চিকিৎসা তথা হেমাহিৰ বাবেই মৃত্যুক আঁকোৱালি লবলগীয়া হল বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে। সৰবৰহী, মেধাবী যুৱকজনৰ মৃত্যুত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে। 

পথ দুৰ্ঘটনা দুৰ্ঘটনা স্কুটি বটদ্ৰৱা