/asomiyapratidin/media/media_files/2025/02/22/XAnUvIqZhMp6hzlLJcOT.jpg)
যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱস পালন
ডিজিটেল ডেস্ক : “সাংবাদিকসকলে এটা জাতি সলাই দিব পাৰে। সমাজ এখনক বাট দেখুৱাব পাৰে। সাংবাদিকসকলে সমাজ পৰিৱৰ্তন কৰিব পাৰে।“- এই মন্তব্য ডা০ অঞ্জনজ্যোতি চৌধুৰীৰ।
/asomiyapratidin/media/media_files/2025/02/22/1DCpkZRjlP6FIGYq2udX.jpg)
শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অসম সাহিত্য সভাৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় যুৱ সাংবাদিক সন্থা, অসমৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় সাংগঠনিক সভাৰ।
/asomiyapratidin/media/media_files/2025/02/22/eog2SOiD62yOrzkLzC0J.jpg)
উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি ডা০ চৌধুৰীয়ে আন কেতবোৰ মন্তব্য কৰাৰ উপৰি যুৱ সাংবাদিকসকলে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শলাগ লয়।
/asomiyapratidin/media/media_files/2025/02/22/qZD0YvSbUjBsjCiXgPfD.jpg)
একেদৰে উক্ত অনুষ্ঠানত আনগৰাকী বিশিষ্ট অতিথি তথা প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাই যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ শলাগ লৈ কয় – মাখি দুই প্ৰকাৰৰ। এক ভেনা মাখি আৰু দুই মৌ মাখি। সাংবাদিকসকল মৌ মাখিৰ দৰে হ'ব লাগে। ভেনা মাখিৰ দৰে যিকোনো বাতৰি পৰিৱেশন কৰিব নালাগে। বিভৎস বাতৰিৰ পৰা দূৰৈত থাকিব লাগে বুলি তেওঁ অনুৰোধ কৰে।
/asomiyapratidin/media/media_files/2025/02/22/QnyYf47ZRUjhVVOBHPb6.jpg)
ইফালে উক্ত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভানেত্ৰী সুস্মিতা গোস্বামী, জ্যেষ্ঠ সাংবাদিক অমল দাস আদিয়ে ভাষণ প্ৰদান কৰাৰ লগতে যুৱ সাংবাদিক সন্থাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ শলাগ লয়। লগতে সাংবাদিকসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে কেতবোৰ গঠনমূলক পৰিকাঠামো প্ৰস্তুত কৰাৰ বাবেও তেওঁলোকে অনুৰোধ জনায়।
/asomiyapratidin/media/media_files/2025/02/22/WCFkA0g1Zxuyua3h1KBm.jpg)
উক্ত অনুষ্ঠানতে ৰাজ্যৰ কেইবাগৰাকী সাংবাদিকলৈ বিভিন্ন শিতানত বঁটা প্ৰদান আৰু সম্বৰ্ধন জ্ঞাপন কৰে উদ্যোক্তাসকলে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অমল দাস লৈ আগবঢ়েৱা হয় সংবাদ শিৰোমণি বঁটা। একেদৰে প্ৰতিদিন টাইমৰ দুলীয়াজানৰ সাংবাদিক জিতুল দত্তলৈ বৰ্ষশ্ৰেষ্ঠ গ্ৰাম্য পৰ্যটন সাংবাদিকতা বঁটা আগবঢ়োৱা হয়।
/asomiyapratidin/media/media_files/2025/02/22/3cLZpeBGgW0sRCza87zV.jpg)
অনুষ্ঠানত বিমল ভূষণ মহন্তলৈ বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰাৰ উপৰি প্ৰান্তিকৰ সম্পাদক তথা বৰেণ্য সাংবাদিক প্ৰদীপ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে যুৱ সাংবাদিক সন্থাই। সমান্তৰালভাৱে সমাজলৈ ভিন্ন কৰ্মৰাজিৰে অৱদান আগবঢ়াই অহা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সন্থাৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়।
বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত কৰা হয় সাংগঠনিক সভা । এই সভাতেই নতুন কমিটি গঠন কৰা হয়।
নতুনকৈ গঠন কৰা কমিটিখন তলত উল্লেখ কৰা হ’ল-
উপদেষ্টা - গৌতম শৰ্মা, ড° কুমুদ দাস, পৰাগমণি আদিত্য, শোণিত কুমাৰ ভূঞা, চন্দন দাস, মধুসুদন মেধি, সদৌ অসম সাংবাদিক সন্থা আৰু জাফা। একেদৰে সভাপতি- বুবুল হাজৰিকা, উপ সভাপতি - ৰূপাংকৰ ডেকা আৰু পল্লৱী কলিতা, কাৰ্যকৰী সভাপতি - কাঞ্চন জ্যোতি গোহাঁই, সম্পাদক - ঋতুপৰ্ণ চক্ৰৱৰ্তী, সহ সম্পাদক - পাৰ্থ প্ৰতিম বৰুৱা আৰু অজয় শইকীয়া, সাংগঠনিক সম্পাদক -বশিষ্ঠ দেৱ ফুকন, পত্ৰিকা সম্পাদক - দিগন্ত বৈৰাগী, সম্পাদনা সহযোগী -হেমন্ত বেজ আৰু বেদাংগ তামুলী, বিত্ত সম্পাদক - জিতুল দত্ত আৰু কাৰ্যকৰী সদস্য মানৱজ্যোতি শইকীয়া আৰু মনোজ দত্ত ।