ভাৰত-ভূটান সীমান্তত কণমানি হাতীৰ পোৱালি উদ্ধাৰ...

পুনৰ সংস্থাপনৰ চিন্তা চৰ্চা অব্যাহত

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তত কণমানি হাতীৰ পোৱালি উদ্ধাৰ...

chirang

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ অন্তৰ্গত বান্ধুগুৰী গাঁৱত এটি কণমানি বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ কৰা হৈছে । অনুমানিক এমহীয়া মতা হাতী পোৱালিটো আজি দুপৰীয়াৰ ভাগত বান্ধুগুৰী গাঁৱৰ ৰাইজে টাকলাই নৈৰ পানীত উটি যোৱা অবস্থাত প্ৰত্যক্ষ কৰি হাতী পোৱালিটো উদ্ধাৰ কৰি আমটেকা বনবিভাগৰ লোকক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে কণমানি হাতী পোৱালিটোক উদ্ধাৰ কৰি আমটেকা ৰেঞ্জ অফিচলৈ আনি চিকিৎসা প্ৰদান কৰি থকাৰ লগতে গাখীৰ জাতীয় খাদ্য খুৱাই আছে । এই খবৰ লাভ কৰি চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিৰ লগতে ৰাজ্যপালৰ মনোনীত চিৰাঙৰ অবৈতনিক বন্যপ্ৰাণী সংৰক্ষক জয়ন্ত দেৱনাথ আমটেকাত উপস্থিত হৈ হাতী পোৱালিটোৰ স্বাস্থ্যৰ বুজ লয়।

তেওঁ হাতী পোৱালিটোক উন্নত চিকিৎসা প্ৰদানৰ লগতে কেনেদৰে প্ৰতিপালন কৰিব পৰা যায় সেই বিষয়ে বনবিভাগৰ উৰ্ধতন কতৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।

chirang elephant