উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব যোগী আদিত্য নাথে…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব যোগী আদিত্য নাথে…

author-image
asomiyapratidin
New Update
বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব যোগী আদিত্যনাথ…

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতেই শুকুৰবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব যোগী আদিত্য নাথে।দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব যোগী আদিত্য নাথে।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰস্তুতি।আজি বিয়লি ৪ বজাত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান।যোগী আদিত্য নাথে এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ জনাইছে।

মূলায়ম সিং যাদৱ, মায়াৱতী লগতে অখিলেখ যাদৱকো নিমন্ত্ৰণ জনাইছে এই অনুষ্ঠানলৈ। এই অনুষ্ঠানত বলিউডৰ একাংশ অভিনেতা অভিনেত্ৰীও অহাৰ সম্ভাৱণা আছে। খেলপথাৰ খনত প্ৰায় ২০,০০০ চকী ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকিব এই অনুষ্ঠানত।

yogi aditya nath narendra modi bjp