/asomiyapratidin/media/media_files/2025/05/11/CBTyLhaXufqSpKeMkjeP.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌত ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল উৎপাদন ইউনিট ভাৰ্চুৱেলি উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠককে ধৰি বহু নেতা উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অপাৰেচন সিন্দুৰত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰে।
এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, "পাকিস্তানৰ জনসাধাৰণক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ শক্তিৰ বিষয়ে সুধিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা সন্ত্ৰাসবাদৰ যিকোনো কাৰ্যকলাপক যুদ্ধ বুলি গণ্য কৰা হ'ব। সন্ত্ৰাসবাদক শেষ কৰিবলৈ হ'লে আমি সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক হৈ যুঁজিব লাগিব। সন্ত্ৰাসবাদে কেতিয়াও প্ৰেমৰ ভাষা গ্ৰহণ কৰিব নোৱাৰে ইয়াৰ উত্তৰ ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে সমগ্ৰ বিশ্বক দিছে।
দৰাচলতে লক্ষ্ণৌত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ উৎপাদনৰ নতুন সুবিধা আৰম্ভ হৈছে, যাৰ ফলত ভাৰতৰ থলুৱা প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী হ’ব। এই ইউনিটে প্ৰতি বছৰে ৮০ৰ পৰা ১০০টা ব্ৰহ্মাচ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব। ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই ইউনিটে ২৯০-৪০০ কিলোমিটাৰ দূৰত্ব আৰু ২.৮ মেক বেগত নিখুঁত আক্ৰমণ চলাব পৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব।
উল্লেখ্য যে, ভাৰতৰ ডি আৰ ডি অ’ আৰু ৰাছিয়াৰ এন পি অ’ মাছিন’ষ্ট্ৰ’য়েনিয়াৰ যৌথ উদ্যোগত ব্ৰহ্মাচ এৰ’স্পেছে এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে । ইয়াক স্থল, সাগৰ বা বায়ুৰ পৰাও উৎক্ষেপণ কৰিব পাৰি। প্ৰাপ্ত তথ্য অনুসৰি, এই নতুন সংস্কৰণসমূহ এবছৰৰ ভিতৰত ডেলিভাৰীৰ বাবে সাজু হ’ব।