/asomiyapratidin/media/media_files/2025/08/04/gfyuyiiupli-2025-08-04-21-54-21.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ মিচিং জনগোষ্ঠীৰ স্বাধীকাৰ প্ৰাপ্তি সংগ্ৰামখনৰ এগৰাকী অগ্ৰণী কৰ্মী, ঘিলামৰা থানাৰ অন্তৰ্গত সোৱণশিৰীৰ সৰিয়হনী কুম্বাং গাঁও নিবাসী যোগেশ কুম্বাং(৫৬)ৰ উচ্চ ৰক্তচাপৰ ফলত দেওবাৰে সন্ধিয়া দেহাৱসান ঘটে। এম এ চিক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, পৰিষদীয় এলেকাত গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা আদি নাৰ্য প্ৰাপ্য বিচৰা গণ সংগ্ৰামৰ সন্মুখৰ পৰা নেতৃত্ব দিছিল প্ৰয়াত কুম্বাংয়ে ।
মিচিং জাতীয় সংগঠন এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ উপসভাপতি, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জাতীয় সংগঠনটোৰ সাংগঠনিক ভেঁটি গঢ়োতা মিচিং জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ গণতান্ত্ৰিক গণ সংগ্ৰামখনৰ ৮০ দশকৰ পৰা নিৰন্তৰভাবে সন্মুখৰ পৰা নেতৃত্ব দিয়া কুম্বাংৰ আকস্মিক বিয়োগত সমগ্ৰ মিচিং জনগোষ্ঠী অধ্যুষিত অঞ্চলত শোকৰ ছাঁ পৰিছে।
তেওঁৰ মৃত্যুৰ পাছতে মিচিং মিমাগ কৌবাং, টাকাম মিচিং পৰিণ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত সোমবাৰে সন্ধিয়া জনগোষ্ঠীয় নেতা কুম্বাংৰ প্ৰতি শ্ৰদ্ধা জনায় শোক সভা অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা নগৰ চাৰি আলিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে জিলা সম্পাদক অমৰজিত দলেয়ে। কেন্দ্ৰীয় নেতা ক্ৰমে ইন্দ্ৰ চুংক্ৰং, বৃগেন দলে, ৰাজীৱ দলে, মোহন পেগু, দীপেন দলে,ভূপেন দলে ,দিপাঞ্জল দলে, টি এম পি কেৰ জিলা সভাপতি সঞ্জীৱ দলে , টি এম এম কেৰ জিলা নেত্ৰী বালা জ্যোতি দলে আদিৰ লগতে গৰিষ্ঠ সংখ্যক সংগঠনৰ কৰ্মকর্তা উপস্থিত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত জাতীয় নেতা গৰাকীয়ে জাতীয় জীৱনলৈ আগবঢ়াই যোৱা অতুল্য ত্যাগ আৰু অৱদানৰ সন্দৰ্ভত চমু বিশ্লেষণ কৰে কেন্দ্ৰীয় নেতা ইন্দ্ৰ চুংক্ৰাংয়। অনুষ্ঠানত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে বিদেহ আত্মাৰ স্বৰ্গসুখ প্রাপ্তি কামনা কৰি প্ৰয়াত দিগদৰ্শক গৰাকীৰ আদৰ্শৰে আগুৱাই যোৱাৰ সংকল্প লয় জাতীয় সংগঠন সমূহে।
মিচিং জনগোষ্ঠীৰ এক সংগ্ৰামী সত্বা স্বৰূপ কুম্বাংৰ বিয়োগত শোক প্ৰকাশ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অধ্যক্ষ সুনীল পেগু, টি এম পি কেৰ সাধাৰণ সম্পাদক চান পাংগিং আদিয়ে বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা সদ্য নিৰ্বাচিত সোৱণশিৰী জিলা পৰিষদ সমষ্টিৰ সদস্যা ইন্দিৰা চিন্তে কুম্বাং ,৩ গৰাকী কন্যা আৰু এজন পুত্ৰ সহ অজস্ৰ ইষ্ট কুটুম্ব আৰ শুভাকাংক্ষীক ইস সংসাৰত কুম্বাংয়ে এৰি যায়। স্বামীৰ বিয়োগৰ বাবে আজি লখিমপুৰ জিলা পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব নোৱাৰিলে নবনিৰ্বাচিত জিলা পৰিষদৰ সদস্যা ইন্দিৰা চিন্তে কুম্বাংয়ে ।