/asomiyapratidin/media/media_files/2025/06/21/xzxcxzcxzczc-2025-06-21-15-57-55.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে ওদালগুৰি জিলাৰ 'ডিচি অফিচ পেৰেড গ্ৰাউণ্ড'ত জিলা প্ৰশাসনৰ সহযোগত, ৰাষ্ট্ৰীয় আয়ুস মিছনৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। "এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ" শীৰ্ষক বিষয়েৰে সমগ্ৰ বিশ্বৰ লগতে ওদালগুৰি জিলাতো আয়োজিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে সমূহীয়াভাৱে যোগৰ অনুশীলন কৰে।
উল্লেখ্য যে, অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লোৱা দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ ভাষণো আজিৰ অনুষ্ঠানত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানৰ শেষত মন্ত্ৰী হাজৰীকাই সাংবাদিকৰ আগত কয় যে, যোগে আমাৰ সকলোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাৰ লগতে সমাজত শান্তি-শৃংখলা অটুত ৰখাত সহায় কৰে।
ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (নগৰীয়া) আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত' আঁচনিৰ সফল ৰূপায়ণ সুনিশ্চিতকৰণ সন্দৰ্ভত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি (ডিএলএমচি) আৰু কাৰ্যকৰীকৰণ সমিতি (ডিএলআইচি)ৰ বৈঠকত অধ্যক্ষতা কৰে।
বৈঠকত মন্ত্ৰীগৰাকীয়ে আঁচনি দুখনৰ সফল ৰূপায়ণৰ বাবে বিস্তৃত পৰ্যালোচনা কৰি সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়ে যাতে এই আঁচনিকেইখনৰ পৰা যোগ্য হিতাধিকাৰী বাদ পৰি নাযায় তাৰ বাবে তেওঁলোকে আঁচনিৰ সঠিক ৰূপায়ণত গুৰুত্ব প্ৰদান কৰে ।