/asomiyapratidin/media/media_files/2025/06/21/vxcvxvxc-2025-06-21-21-38-20.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ সমগ্ৰ দেশৰ লগতে গোলাঘাটৰ বিভিন্ন প্ৰান্ততো যোগদিৱস পালন কৰা হয় ৷ গোলাঘাটৰ জামুগুৰি গাওঁ পঞ্চায়তৰ অধীনৰ কালুজান নিম্ন বুনিয়াদী বিদ্যালয়তো যোগ দিৱস উপলক্ষে পুৱাৰে পৰা ব্যস্ত হৈ পৰে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷ স্বেচ্ছাসেৱী সংগঠন পায়’নিয়াৰ ফাউণ্ডেচনৰ উদ্যোগত এন আৰ এল আৰু ৰাইজৰ সহযোগত আজি বিদ্যালয়খনত যোগ দিৱস পালন কৰে৷
পুৱা বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলক যোগ শিক্ষা দিয়ে ছাত্ৰী লুনা নেওগে ৷ ইয়াৰ পিছতেই চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ যোগ আৰু কেৰাটে শিক্ষক দেৱপ্ৰসাদ নেওগৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত সভাত ভাষণ দিয়ে প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জুমনি তামুলী আৰু গোলাঘাটৰ জেষ্ঠ সাংবাদিক তথা স্বেচ্ছাসেৱী সংগঠন পায়’নিয়াৰ ফাউণ্ডেচনৰ সভাপতি প্ৰকাশ শৰ্মাই ৷ অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় ৷ এই সভাত বিদ্যালয়ৰ কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত থাকে।