/asomiyapratidin/media/media_files/2025/06/21/1-yoga-2025-06-21-08-07-50.jpg)
ডিজিটেল ডেস্কঃ ২১ জুন, আজি ১১তম আন্তৰ্জাতিক যোগ দিৱস। যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। বিশ্ব যোগ দিৱসৰ লক্ষ্য মানুহক যোগৰ বিষয়ে সজাগ কৰা। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন
সংস্কৃত ভাষাত ‘যোগ’ শব্দটো প্ৰথমে ব্যৱহৃত হয় যাৰ অৰ্থ হৈছে ‘সংযোগ কৰা’ বা ‘একত্ৰিত হোৱা’। যোগৰ উদ্দেশ্য হৈছে দেহ আৰু মনৰ মিলন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত যোগ দিৱসৰ উদ্যোগ লৈছিল। এই প্ৰস্তাৱটোৱে ১৭৭খন দেশৰ সমৰ্থন লাভ কৰে আৰু ৰাষ্ট্ৰসংঘই সৰ্বসন্মতিক্ৰমে গৃহীত কৰে।
প্ৰতি বছৰে এটা বিষয়বস্তু লৈ যোগ দিৱস উদযাপন কৰা হয়। ২০২৫ চনৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হৈছে "এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ।" এই বিষয়বস্তুৱে ব্যক্তিগত সুস্থতা আৰু পৃথিৱীৰ স্বাস্থ্যৰ মাজত থকা অবিচ্ছেদ্য সম্পৰ্কক আলোকপাত কৰে।
উল্লেখ্য যে, আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্য হৈছে যোগাভ্যাসৰ অনেক উপকাৰিতাৰ বিষয়ে বিশ্বজুৰি সজাগতা সৃষ্টি কৰা। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন।
আজি সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে যোগৰ উপকাৰিতাৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰা হ'ব, য'ত যোগৰ বিভিন্ন আসন, ধ্যান, আৰু প্ৰাণায়াম আদিৰ অনুশীলন কৰা হ'ব।