নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা

১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ অংশ হিচাপে ১৩ জুনত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস মিছন, নগাঁওৰ সহযোগত নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এখনি জিলা পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা

ডিজিটেল সংবাদ ,নগাঁও: ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ অংশ হিচাপে ১৩ জুনত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস মিছন, নগাঁওৰ সহযোগত নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এখনি জিলা পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Advertisment

উক্ত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী আৰু নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়াই। এই প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এছ ডি এম অ' (আয়ুস) তথা প্ৰাক্তন ডি এন অ' (আয়ুস)ৰ  ডাঃ ধীৰেন চন্দ্ৰ নাথ। অনুষ্ঠানত উপস্থিত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলে তেওঁলোকৰ ভাষণত যোগ আৰু ধ্যান-ধাৰণাৰ তাৎপৰ্য সন্দৰ্ভত সুন্দৰভাৱে আলোকপাত কৰে ।

জিলাখনৰ মুঠ ৮০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনত উপস্থিত বিশিষ্ট ব্যক্তি সকল আৰু  ডাঃ ৰীমা ভট্টাচাৰ্য, ডিএনঅ'(আয়ুস)ৰ দ্বাৰা সকলো অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। উক্ত প্ৰতিযোগিতাখনিত তিনিজনীয়া বিচাৰক মণ্ডলীৰ দ্বাৰা প্ৰতিটো শাখাৰ শীৰ্ষ তিনিগৰাকী প্ৰদৰ্শনকাৰীক নিৰ্বাচন কৰা হয়। বিজয়ী প্ৰতিযোগী সকলক অহা ২১ জুন, ২০২৫ তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জিলা আয়ুক্তই বঁটা প্ৰদান কৰিব ।

আনহাতে নগাঁৱৰ ৰাষ্ট্ৰীয় আয়ুস মিছন তৰফৰ পৰা এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত বিশেষভাবে সহায় সহযোগিতা আগবঢ়োৱা প্ৰভাত বৰা আৰু তেখেতৰ দলৰ লগতে আয়ুসৰ চিএইচঅ' সকলক ধন্যবাদ জ্ঞাপন কৰা হয়।

নগাওঁ যোগ দিৱস