চতিয়াৰ ইটাখোলাত যোগ শিবিৰৰ আয়োজন

বৃহত্তৰ ইটাখোলা অঞ্চলৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান বুনিয়াদৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ ভৱন পৰিচালনা কমিটিৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া যোগ প্ৰশিক্ষন শিবিৰটিত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে আচাৰ্য্য নাৰায়ণ ঢুংগেনাই

author-image
Asomiya Pratidin
New Update
361

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱৰ ভৱনত সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে যোগ প্ৰণায়ম প্ৰশিক্ষণ শিবিৰ ৷ বৃহত্তৰ ইটাখোলা অঞ্চলৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান বুনিয়াদৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ ভৱন পৰিচালনা কমিটিৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া যোগ প্ৰশিক্ষন শিবিৰটিত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে আচাৰ্য্য নাৰায়ণ ঢুংগেনাই ।

অঞ্চলটোৰ অৰ্দ্ধ শতাধিক যুৱক ও কিশোৰ -কিশোৰীয়ে শিবিৰত অংশগ্ৰহণ কৰি যোগ প্ৰণায়মৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ ভৱন পৰিচালনা কমিটিৰ সভাপতি মিন্টু নাথ  আৰু সম্পাদক  লক্ষ্মীকান্ত বৰাৰ লগতে স্বেচ্ছাসেৱী সংগঠন বুনিয়াদৰ সভাপতি জিতেন কাকতি আৰু সম্পাদক হেমন্ত নাথ, শিক্ষক ছফিক আনছাৰিয়েও যোগ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।

উদ্যোক্তাসকলে কয় যে, স্বাস্থ্য এক অমূল্য সম্পদ যাক যোগ প্ৰণায়মৰ জৰিয়তেই নিৰোগী কৰি ৰাখিব পৰা যায়।

jamugurihat