৩৪ নং চি আৰ পি এফ শিবিৰত যোগ শিবিৰ...

অনুষ্ঠানত চি আৰ পি এফৰ ডি আই জি হনুমান সিঙ ৰাৱটে অংশগ্ৰহন কৰে

author-image
Asomiya Pratidin
New Update
৩৪ নং চি আৰ পি এফ শিবিৰত যোগ শিবিৰ...

Yoga Camp

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ কাতিমিৰীস্থিত ৩৪ নং চি আৰ পি এফৰ মুখ্য শিবিৰত আয়োজিত যোগ শিবিৰৰ বুধবাৰে সামৰণি পৰে ৷ ২২ চেপ্তম্বৰৰ পৰা ৭ দিনীয়াকৈ যোগ শিবিৰৰ আয়োজন কৰে ৷ আৰ্ট অব লিভিঙ শীৰ্ষক যোগ শিবিৰৰ জৰিয়তে চি আৰ পি এফৰ সকলো বিষয়া-জোৱানৰ উৎকৰ্ষ সাধনৰ লক্ষ্য স্থিৰ কৰাই আছিল ইয়াৰ উদ্দেশ্য ৷

Advertisment

বুধবাৰে যোগ শিবিৰৰ সামৰণি অনুষ্ঠানত চি আৰ পি এফৰ ডি আই জি হনুমান সিঙ ৰাৱটে অংশগ্ৰহণ কৰে ৷ জোৱান সকলে যোগ প্ৰদৰ্শন কৰাৰ লগতে যোগৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰি সেই সন্দৰ্ভত বক্তব্য আগবঢ়াই উপস্থিত অতিথি সকলে ৷ সামৰণি সভাখনত বেটেলিয়নটোৰ অধিনায়ক এছ এছ উপাধ্যায় , বিষয়া আৰ কে শ্ৰীবাস্তৱ, চৎবীৰ সিঙ , প্লাৱন বৰা আদি উপস্থিত থাকে ৷

CRPF