বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত যোগাসন কৰ্মশালা

শংকৰদেৱৰ শিশু নিকেতন, বটদ্ৰৱাৰ উদ্যোগত শুকুৰবাৰৰ পৰা বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত যোগাসন কৰ্মশালা আৰম্ভ হয় ।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত যোগাসন কৰ্মশালা

ডিজিটেল সংবাদ, বটদ্ৰৱা : শংকৰদেৱৰ শিশু নিকেতন, বটদ্ৰৱাৰ উদ্যোগত শুকুৰবাৰৰ পৰা বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত যোগাসন কৰ্মশালা আৰম্ভ হয় । শিশু শিক্ষা সমিতি অসম তথা বিদ্যা ভাৰতীয় উদ্যোগত আগন্তুক ৩০ মে'ত বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত সদৌ অসম ভিত্তিক অনুষ্ঠিত হ’বলগীয়া যোগাসন প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা এই কৰ্মশালা ৭ এপ্ৰিলত সামৰণি পৰিব। 

Advertisment

উল্লেখযোগ্য যে আজিৰ এই আৰম্ভণি কাৰ্যসূচীৰ আঁত ধৰে শংকৰদেৱ শিশু নিকেতন বটদ্ৰৱাৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই। কাৰ্যসূচীত নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি সুনিল বৰুৱা, কোষাধ্যক্ষ খনিন্দ্ৰ কলিতা, পূৰ্বাঞ্চলৰ যোগ নিকেতনৰ মুখ্য প্ৰশিক্ষক তথা শিশু শিক্ষা অসমৰ নগাঁও বিভাগৰ যোগ প্ৰমুখ সঞ্জীৱ দাস, ৰঞ্জনা বৰা, ৰাষ্ট্ৰীয় যোগ খেলুৱৈ সংগীতা দাস, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, দিলীপ কলিতা, দৰ্প হৰি দেৱগোস্বামীৰ লগতে আচাৰ্য্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা, ছাত্ৰ ছাত্ৰীসহ সহস্ৰাধিক লোক উপস্থিত থকে ।

batadraba