বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা...

মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা...

Yeshe Dorjee Thongchi

ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৭ বৰ্ষৰ পৰা প্ৰদান কৰি অহা ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা' এই বছৰ (২০২২) আগবঢ়োৱা হ'ব অসম-অৰুণাচলৰ সাংস্কৃতিক সম্প্রীতিলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ।

Advertisment

এক প্ৰেছ বিজ্ঞপ্তিযোগে মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহই এই কথা জানিবলৈ দিয়ে। অহা ২৪ ছেপ্টেম্বৰ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া মহাবিদ্যালয়ৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাতে বিশিষ্ট সাহিত্যিক ঠংচিক উক্ত বঁটা প্ৰদান কৰা হ'ব।

মহাবিদ্যালয় প্রেক্ষাগৃহত দিনৰ ১২ বজাৰপৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথিৰূপে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিশিষ্ট অতিথিৰূপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা উপস্থিত থকাৰ লগতে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শর্মাও উপস্থিত থাকিব।

উল্লেখ্য যে, মহাবিদ্যালয়খনে ২০০১ চনৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতানুষ্ঠানৰো আয়োজন কৰি আহিছে।

ইতিমধ্যে ড° হীৰেন গোঁহাই, ভবেন বৰুৱা, ড° নৰেন কলিতা, ড° ৰাজেন শ‍ইকীয়া, ৰঞ্জিত কুমাৰ দেৱগোস্বামী আদিৰ দৰে ব্যক্তিয়ে বিগত সময়ত উক্ত বিষয় সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিছে।

এই বৰ্ষতো আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্মদিন ২২ ছেপ্টেম্বৰত মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া বক্তৃতানুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকি ‘আনন্দৰাম ঢেকিয়াল ফুকন আৰু আধুনিক অসমৰ সপোন' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্তই।

মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শুকদেৱ গোস্বামীৰ সোঁৱৰণত মহাবিদ্যালয় খনে আয়োজন কৰি অহা ঐতিহ্যমণ্ডিত সদৌ অসম আন্তঃ মহাবিদ্যালয়/ বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতা এইবেলি ২৩ ছেপ্টেম্বৰৰ দিনৰ ১০ বজাৰপৰা অনুষ্ঠিত কৰিব ।

আহ্বায়ক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ২৪ ছেপ্টেম্বৰৰ বঁটা প্ৰদান অনুষ্ঠানৰ দিনা পুৱাবেলা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা অনুষ্ঠিত হ'ব আৰু ২৫ চেপ্তেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস আৰু অভিনৱ হাজৰিকাই সংগীত পৰিবেশন কৰিব।

উল্লেখ্য যে, মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱস যোৱা ৭ ছেপ্টেম্বৰত পাৰ হৈ গ'ল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২য় আৰু ৪র্থ ষান্মাসিকৰ পৰীক্ষাসমূহ চলি থকাৰ বাবে উক্ত দিনটোত বিশেষ কাৰ্যসূচী হাতত ল'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰ লৈ আটাইকেইটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে বুলি আহ্বায়ক সমিতিয়ে জানিবলৈ দিয়ে।

yese dorje thongchi